পাণ-তামোল-০২

©Admin
0
(যোৱা সংখ্যাৰ পাছৰ পৰা)
       অনুভবো নাই , অনুসূচনাও নাই | নাম ঘৰেই হওক , মন্দিৰেই হওক , যতেই নহওক শৰাই এভাগ আগবঢ়ালে পোনতেই আৱশ্ক হয় পাণ-- তামোলৰ | পূজা এভাগ কৰিলেও পাণ--তামোল নহলে নচলেই | তেতিয়া হলে ভাবিব পাৰি আমাৰ সমাজত পাণ--তামোলৰ আদৰ কিমান | অসমীয়া সমাজত যি উছব ,পাৰ্বন নহওক কিয় সি সমজুৱাই হওক বা ঘৰুৱাই হওক পাণ তামোলৰ প্ৰয়োজন আছেই  | ইয়াৰোপৰি ঘৰলৈ আলহী অতিথি আহিলে আদৰ আপ্যায়নৰ ক্ষেত্ৰত তামোল খন নাযাচিলে উকা উকা লাগে | মনটো বেয়া লাগে | কাৰণ অসমীয়া সমাজ ব্যৱস্থাত পাণ তামোলক সন্মানৰ প্ৰতীক হিচাবে গন্য কৰা হয় | পাণ তামোলক গোৱা পাণ বুলিও কেৱা হয় | আমাৰ সমাজত পুৰণি কালত কেঁচা তামোল পাণ কাটি বিয়া বাৰু হোৱা কথাও প্ৰচলিত আছিল | এই তামোল পৃথিৱীলৈ কেনেকৈ আহিল তাৰ কিছু কিংবদন্তী অসমীয়া সমাজত প্ৰচলন আছে | তাক আমি আলোচনাৰ আওতালৈ নানো |
  তামোল পাণ আমাৰ গ্ৰাম্য জীৱনৰ বাবে কিমান দৰকাৰী , কিমান প্ৰয়োজন সেয়া আমাৰ অগ্ৰজ চহা কবি অথবা স্বভাৱ কবি সকলে কবিতাৰ মাজেৰে প্ৰকাশ কৰি গৈছে | আমাৰ প্ৰাণ স্পন্দন স্বৰূপ বিহু গীততো পাণ-- তামোলৰ কথা উল্লেখ আছে | পাণ তামোলৰ বাৰী এখনে ঘৰ এখনৰ সৌন্দৰ্য বৃদ্ধি কৰে | কবিয়ে কৈছে নহয় শাকনিত শাক , ফুলনিত ফুল বাৰীত তামোল পাণ | বাৰীত পাণ তামোল নাথাকিলে সেই ঘৰ ঘৰ হিচাবে গন্য কৰা নহৈছিল |  আগলৈ
   

📝হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)