মা - এটি মমতাময়ী কৰুণ কাহিনী- ০৩

©Admin
0

মাকে সুধিলে কি হ'ল সোণটো মুখমণ্ডলৰ ৰং কিয় সলনি হ'ল দেউতাই কিবা ক'লে নেকি? দেৱৰ চকুৱেদি দুধাৰি নিগৰিল সি কান্দোনৰ সুৰত ক'লে " মা দেউতা আৰু কেতিয়াও আহিব নোৱাৰে " মাকে থতমত খাই " কিয় নাহিব ? দেৱে চিঞৰি ক'লে " আমাক লগ কৰিবলৈ আহি থাকোতে ট্ৰাক  গাড়ীয়ে খুন্দা মাৰে তেওঁৰ গাড়ীক " এই কথা শুনাৰ মাত্ৰকে মাকে ভাগি পৰিল কিন্তু নিজকে চম্ভালি লৈ চকুলো মচি ক'লে যোৱা ড্ৰাইভাৰক গাড়ীখন উলিয়াবলৈ কোৱা " দেৱে ক'লে " কলৈ যাম মা ? মাকে ক'লে " দেউতাকৰ ঘৰলৈ যাম এতিয়া বলা নহলে পলম হৈ যাব " মাক পিতেক দেউতাকৰ ঘৰলৈ বুলি ওলাই যায় কেইটামান ঘণ্টাৰ পাছত জনবহুল চহৰৰ মাজেদি গাড়ীখন গৈ আছে এনেতে পুলিচে গাড়ীখন ৰখালে ক'লে " আপুনি নাজানে নেকি দেশত লকডাউন চলি আছে মহামাৰী কৰ'না ভাইৰাছৰ আতংকত ঘৰৰপৰা ওলোৱাটো অতি দুষ্কৰ " দেৱৰ মাকে ক'লে মই জানো দেশত লকডাউন চলি আছে কিন্তু মৃত্যুৱে কোনো লকডাউন মানি নচলে অনুগ্ৰহ কৰি আমাক যাবলৈ দিয়ক " পুলিচে কথাটো বুজিব পাৰি যাবলৈ দিলে "  গাড়ীখন এটা অট্টালিকাৰ সন্মুখত ৰখিল মাক পিতেক গাড়ীৰপৰা নামি গেটখন খুলি আগবাঢ়ি যায় চোতালত শোকসভা চলি আছে কণমানি নবজাতক টোক বাপেকৰ ফটোখনত হাতখন স্পৰ্শ কৰাবলৈ লওঁতে বুঢ়ী মহিলা এগৰাকীয়ে আহি হেঁচা মাৰি চিঞৰি ক'লে " শেষ কৰি দিলে কুলক্ষণীয়ে মোৰ মৰা পুত্ৰক অপমান কৰি দিলে ঐ ওলা ইয়াৰপৰা কোনে অধিকাৰ দিলে যা এতিয়াই ওলাই যা বুলি কৈ ঠেলা মাৰি দিলে দেৱে চিঞৰি ক'লে মোৰ মাক গাল নিদিব আৰু মোৰ দেউতাক অন্তিম শ্ৰদ্ধাঞ্জলি দিবলৈ বলা মা ইয়াত আৰু একপলৰ নৰও য'ত তোমাৰ অপমান তাত থকাটো মোৰ উচিত নাভাবো  ৷


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)