মা দেউতা

©Admin
0
দেউতা আজি
 ৰান্ধনী ঘৰলৈ গ'ল
মায়েও কান্ধত নাঙল লৈ
পথাৰলৈ গ'ল ৷

দেউতাৰ পাকঘৰ 
ধোঁৱা কোঁৱা হ'ল,
খৰিৰ ধোঁৱাই দেউতাৰ মুখ
জ্বলা কলা হ'ল ৷

আঞ্জাত নিমখ বুলি
দেউতাই চেনিকে দিলে বাকি৷
আধা সিজা হ'ল ভাত দাইল ভাজি ৷
মায়েও পথাৰত জ্বলাা কলা খালে,
পথাৰতেে গৰু হালেে ওভত গোৰে নাচেে ৷
অবশেষত মা ঘৰমুৱা হ'ল 
মা দেউতাৰ তিতা মিঠা 
জ্বলাা কনাৰ অভিজ্ঞতা হ'ল ৷


📝মহেন শইকীয়া
 ( প্ৰধান শিক্ষক )
নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয় 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)