মানুহৰ নহয়
এটা পুতলাহে ।
জাৰ যেনেকৈ
মন যায়
নচুৱাব পাৰে ।
জীৱনৰ নাওঁত ভৰি দি
যেন মই অপৰাধী
পাৰ পাম নাপাম কব নোৱাৰি ।
ভাগি পৰা হিদয়
দুখত নাচি
জাৰ মন যায় নচুৱাই আহি ।
জীৱনটো যেন
মোৰ নহয়
কচু পাতৰ পানী ।
জনম মৃত্যু বিবাহ
কোনো আগত নজনা
মোৰ জীৱনটো নিসংগতা ।
এইয়া মোৰ জীৱন
চকুত পানী ভৰা
আন্ধাৰত ডুবা কুমল হিয়া ।
📝শ্ৰীমতী ৰিমকি চুতীয়া ( ধেমাজি, চিচিবৰগাওঁ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ