মই দিশহাৰা হৈ পৰিছো
চৌপাশৰ অন্ধকাৰতাত
মই পোহৰৰ বাট
খেপিয়াই ফুৰিছো
কালৰাত্ৰিয়ে মোক ইতিকিং কৰিছে
উচ্চস্বৰে অট্টহাস্যৰ গীত গাইছে
মনতে ভাবিলো
কিমান স্থায়িত্ব এই অন্ধকাৰৰ
সূৰ্য্যতকৈয়ো শক্তিশালী নে এই অন্ধকাৰ
মনত আশাৰ অক্ষয় বন্তি
এই ৰজনী চিৰস্থায়ী নহয়
উদিত সূৰুযৰ উদ্ভাসিত পোহৰত
অন্ধকাৰৰ পতন নিশ্চিত
অন্ধকাৰৰ বিৰুদ্ধে মোৰ যুঁজ অব্যাহত
আকৌ নতুন প্ৰভাত হ'ব।
📝 দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ