উনবিংশ শতিকাৰ কথা ।সেই সময়ত আমাৰ দেশত ইংৰাজৰ ৰাজত্ব চলি আছিল ।সোণা দাস নামৰ এজন ইংৰাজৰ চুবেদাৰ পদধাৰী আছিল। গতিকে ধনে ধানে নদনবদন সোণা দাসৰ ঘৰখন ।কিন্তু কোনো সন্তান নাছিল বহুতো পূজা অৰ্চনা কৰিলে পীৰ ফকিৰৰ চৰণত পৰিলে কিন্তু ফলাফল একো নোলাল। এদিনাখন সপোনত গুৰু ৰবিদাস জী আহি ক'লে সোণা তোৰ ঘৰত এজন পুন্যাত্মা অতিশীঘ্ৰে জন্ম লভিব ধৈৰ্য্য ধৰা ৷ ৰাতিপুৱা ঘৈণীয়েকক কথাটো ক'লে " হেৰৌ গুৰুজীয়ে সপোনত দৰ্শন দিছিল আৰু পুত্ৰ সন্তান হোৱাৰ আশিস দিলে ।" ঘৈণীয়েকে কথাটো শুনি নথৈ আনন্দিত হ'ল সোণা দাসে উৎসাহতে ঘৈণীয়েকক সাবটি ধৰি " আহা তেনেহ'লে অকণমান মৰম কৰি দিওঁ " ঘৈণীয়েকে গিৰীয়েকেৰ হাত এৰাই " কি যে কৰিছে মানুহহে কি কব " সোণা দাসে আকৌ সাবটি ধৰি " কোনে কি কব মই মোৰ বিবাহিত পত্নীক মৰম কৰিছো ঘৈণীয়েকে লাজ পাই ৷ এনেদৰে দুটা বছৰ পাৰ হ'ল অৰ্থাৎ ১৯৪৩ চনৰ বছৰৰ আগষ্ট মাহৰ কোনোবা এটা তাৰিখে সোণা দাসৰ মনোবাঞ্ছা পুৰ্ণ হ'ল ।এটা পুত্ৰ সন্তানৰ জন্ম হ'ল ঘৰখনত উলহ মালহৰ বতৰ। সোণা দাস আনন্দত দুখীয়াক দান দিছে, ভোকাতুৰক আহাৰ খোৱাইছে, বস্ত্ৰ দান দিছে, শিশুটিৰ নামকৰণ কৰাবলৈ পণ্ডিত বেণু বাবাক মাতিলে ৷ বেণু বাবাই চাই ক"লে " শিশু টোৰ মনোমোহা চেহেৰা গতিকে শিশুটোৰ নাম মনু ৰাখিলে ভাল হ'ব ।সিংহ ৰাশি হোৱাৰ বাবে খংটো অলপ বেছি থাকিব ভৱিষ্যতে চাৰিধামৰ যাত্ৰা সম্পূৰ্ণ কৰিব।কিন্তু জীৱনৰ মধ্যান্তৰত দুখৰ এনে এক ধুমুহা আহিব যি জীৱনৰ অন্তিম ক্ষণলৈকে থাকিব সোণা দাসে হাতযোৰ কৰি " ইয়াৰ কোনো বিকল্প নাই নেকি ? " বাবাই দীঘলীয়া উশাহ টানি ক"লে " শিশুটিৰ ভাগ্য নিৰ্ণয় কৰিব শিশুৰ কৰ্মৰ ওপৰত যদিহে জীৱনত কিছু সৎ কাম কৰে তেন্তে দুখৰ পৰিমাণ কমিব বাকী ইশ্বৰৰ হাতত ৷ সোণা দাসে দান দক্ষিণা দি বাবাজনক বিদায় দিলে আৰু একেথিৰে শিশুটোৰ মুখমণ্ডললৈ চাই ৰ'ল ৷
আগলৈ
জাননী - মোৰ দেউতাৰ জীৱনক আধাৰ কৰি আৰু পিতা পুত্ৰৰ সম্পৰ্কক কেন্দ্ৰ কৰি ৰচিত উপন্যাস ধাৰাবাহিকৰূপত আগবঢ়াইছো আশা কৰোঁ পাঠকে পঢ়ি আমোদ পাব ।দ্বিতীয়খণ্ডটি পঢ়িবলৈ পাব আজিৰ দিনটোতেই অৰ্থাৎ অহাটো সোমবাৰে -ধন্যবাদ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ