জ্যোতিপ্ৰসাদৰ - জয়মতী,খণ্ড - ০৫

©Admin
0
জয়মতী চৰিত্ৰটো অধিক আকৰ্ষণীয় কৰি তুলিবলৈ জ্যোতিপ্ৰসাদে আইদেউক লৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল ৷
আহোম গঢ়ি সুন্দৰী ৰমণী আইদেউ সন্দিকৈক জয়মতীৰ ভাৱত সজাই পৰাই তুলিবলৈ জ্যোতিপ্ৰসাদে অপ্ৰাণ চেষ্টা কৰিছিল ৷ আহোম স্বৰ্গদেউ জনাৰ কিংখাপৰ চোলা , ৰাণীৰ বাবে ভমকাফুলীয়া ৰিহা মেখেলা , আঁচলত ৰজাসূতাৰ কেচ বচা আদি কৰি আহোম ৰাজপৰিয়ালৰ অলংকাৰ বিচাৰি চলাথ কৰিবলগা হৈছিল ৷ জ্যোতিপ্ৰসাদে পুৰ্ণাংগ ৰূপত " জয়মতী " চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিলে জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া চাওদাঙৰ ৰূপত ফণী শৰ্মাৰ দুৰ্দান্ত অভিনয় , চাওদাঙৰ মাৰত আইদেউৰ পিঠি বখলা এৰা এনে দৃশ্য দেখি জ্যোতিপ্ৰসাদৰ তীব্ৰ খং প্ৰকাশ আছিল জয়মতীৰ অন্যতম 
সৃষ্টি ৷ 
জ্যোতিপ্ৰসাদৰ সৃষ্টিশীল দৃষ্টিভংগী , দিম্ব গোঁসাইৰ অকৃত্ৰিম চেষ্টা , আইদেউ পিতৃ নীলাম্বৰ সন্দিকৈৰ সমাজলৈ দুৰদৰ্শী চিন্তা , আইদেউৰ প্ৰতিভা বিকাশ আদিৰ সুচনা হ'ল জয়মতী ৷ জ্যোতিপ্ৰসাদেও কালৰ বাবে ৰচি থৈ গ'ল ইতিহাস ৷ আইদেউ সন্দিকৈৰ দৰে শিল্পীৰ মাজত লুকাই আছিল শিল্পী সত্বো , জ্যোতিপ্ৰসাদৰ মনৰ উদাৰতা , কেৱল শিল্পীৰ প্ৰতিভাৰ বাবে জাগৃত হ'ল আইদেউৰ লগতে অসমীয়া গাভৰুলৈ মাতি আনিলে জোৱাৰ ৷ এই জোৱাৰৰ বাবে অভিনয় জগতখন লৈ অসমীয়া নাৰী , গাভৰু ন সাজেৰে উলিয়াই আনিবলৈ সক্ষম হ'ল জ্যোতিপ্ৰসাদে জয়মতীৰ যোগেদি ৷ অসমীয়া মহিলা সকলে এতিয়া জীৱন সাৰ্থক কৰিছে ৷
                  
                সমাপ্ত

📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)