চিনাকি মনৰ ঠিকনা

©Admin
0
বহু দিন হ'ল চিনাকি মনৰ সন্ধান হেৰুৱা,
অঁ বহু দিনেই হল চিনাকি মনৰ সন্ধান হেৰুৱা।।
তাহানিৰ মায়াৱী সন্ধিয়া আৰু আজিৰ মাতাল এসন্ধিয়া
প্ৰাণত আন্ধাৰ,
সন্মুখত জটিল পৃথিৱী।।
 সিক্ত দুচকু,
আৰু সন্মুখত উজাগৰী নিশা।।

কিমান পৰ বাট চাম,
এক নতুন প্ৰভাতী পুৱাৰ,
দুখৰ উপত্যকা গৰকী
বিচাৰি যাওঁ চিনাকি মনৰ সন্ধান।।

স্বপ্নাতুৰ পথিক মই পথভ্ৰষ্ট হ`ব নিদিবি,
এই দিন, সেই দিন
এই ক্ষণ, সেই ক্ষণ
তাহানিৰ সুসময় আৰু আজিৰ দুঃসময়,
মৰীচিকা হৈ বিৰিঙিছে,

জীৱনে হেনো বাগৰ সলাইছে-

এতিয়াও আছেনে শান্তিৰ এছাতি বতাহ? 
এজাক মুখৰিত কণ্ঠ,
যাৰ শব্দৰ জোৱাৰত বিদিৰ্ণ হব
অবিনাশী কাল ৰাত্ৰি,
বিনষ্ট হব বিষাক্ত  অমানুহৰ কু-চৰিত্ৰ।।
কণ্ঠত নিগৰিছে ভাষাহীন যান্ত্ৰণাই,
অ' সময় দিয়া ঘূৰাই দিয়া,
তাহানিৰ সুসময়,
দিয়া বিচাৰি দিয়া,
চিনাকি মনৰ সন্ধান,
মই আকৌ এবাৰ হাঁহিব খোজোঁ,
চিনাকি মনৰ ঠিকনাত।।

  ✒️ চয়নিকা বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)