তোমাৰ গৰ্ভত ঠিতাপি ললো
বুকুৰ উমেৰে কৰিবা মোক
তুলি তালি ডাঙৰ-দীঘল !
জীৱন্তে মাটিৰ পাত্ৰত ভৰাই
তিনি ফুট মাতিৰ তলত
পুতি নথবা মা !
তোমাৰ মাতৃত্বক কলংকিত
নকৰোঁ মা
মোক জীয়াই থাকিবলৈ দিয়া !
পেলায় নিদিবা মোক
জাৱৰ দম'ত
বৰ কষ্ট পাম
পোক পৰুৱাৰ আক্ৰমণ
ভয় লাগে মোৰ !
পলিঠিনত ভৰাই
গছৰ ডালত ওলোমাই
নথবা মোক মৰি যাম
কান্দি কান্দি ভোকত !
নিসন্তানকে দিয়া
বুকুৰ মাজত সোমোৱাই
কৰিব প্ৰতি পালন
মোক জীয়াই থাকিবলৈ
দিয়া মা !
তোমাৰ কোলাত শুই
পুৱাৰ কোমল ৰ'দত খেলি
স্বচ্ছন্দ মনেৰে পৃথিৱীত
জীয়াই থাকিবলৈ দিয়া !
জধেমধে জাৱৰ দ'মত
মোক পেলায় দি
পাৰা জানো তুমি মৌন হৈ
থাকিবলৈ !
নৈসৰ্গিকৰ পৰা মোক
কিয় বঞ্চিত কৰা মা
বাঞ্ছনীয় বোৰ নাপালা বুলি
মোক অবহেলা কৰা মা !
মোক জীয়াই থাকিবলৈ দিয়া মা
মোক লৈ তুমি গৌৰাম্বিত অনুভৱ কৰা
সময়ৰ সন্ধিক্ষণত
মই হ'ম তোমাৰ অপকৰ্ষ !!
📝বিনিতা বৰা
হোজাই জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ