দেশৰো দেশ অসম দেশ

©Admin
0
দেশৰো দেশ অসম দেশ
গুণৰো নাই শেষ
ৰূপৰো নাই তুলনা
ৰূপহী অসমী আই ৷

শংকৰ মাধৱৰ জন্মভূমি
ধৰ্ম ভাষা জাতিত ভিন্নতা
হ'লেেও আছে ঐক্যতা
মৰমৰ এনাজৰীৰে বন্ধাা ৷

জ্যোতি বিষ্ণুৰ বহু কৃতি
কলাসংস্কৃতিৰে দেশ
বাৰে ৰহণীয়া দেশ ৷

ভূপেন হাজৰিকাৰ গানৰ ভাষাত
মহাবাহু ব্ৰহ্মপুত্ৰই নিতৌ
পখালে চৰণ আই অসমীৰে 
মিঠা অসমীয়া ভাষা ৷

ৰংঘৰ কাৰেংঘৰ , অগ্নিগড়
কামাখ্যা , হাজো , দেওপাহাৰ
প্ৰমাণ দিয়ে অসমৰে সভ্যতাৰ
ইতিহাসৰ পাতত জিলিকা ৷

প্ৰাকজ্যোতিষপুৰ , কামৰূপ 
আজি প্ৰসিদ্ধ বিশ্বদৰবাৰত 
বহু বীৰ বীৰাংগনাৰ বলিদান
শ শ চহিদৰ প্ৰতিদান ৷

হে অসম দেশৰ চহিদ বীৰ সন্তান
তোমাক জনাও শতকোটি প্ৰণাম 
মোৰ গীত ,গল্প , কবিতাৰে
লিখি যাওঁ কাহিনী বীৰত্বৰেে ৷

📝দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)