তুমি আউটডেটেদ (চুটিগল্প)

Rinku Rajowar
0
মৌজাদাৰৰ ছোৱালী তৃলিনা দেখাই শুনাই ধুনীয়া আৰু ইংলিচত  M. A. । দেউতাকৰ বন্ধু  মহেশ্বৰৰ পুতেক IAS অফিচাৰ । দুয়াে বন্ধুৰ আলোচনামৰ্মে মহেশ্বৰৰ পুত্ৰ ভাৰ্গৱলৈ তৃলিনাক বিয়া দিলে ।  বিয়াখন বহুত ধুমধামেৰে হৈ গ'ল । বিয়াৰ পিছত  তেওঁলােক কেতিয়াবা দিল্লী বা কলিকতা বা বম্বে আদিতহে বেচিকৈ থাকিব লগীয়া হয় । 
তৃলিনা অসমীয়া পৰিয়ালত সংস্কাৰৰ মাজত ডাঙৰ হোৱা ছোৱালী ।  ভাৰ্গৱৰ মতে প্ৰায়েই সন্ধ্যাৰ পাৰ্টিলৈ যাৱ লাগে । তাই প্ৰথমৰে পৰাই  সেই পাৰ্টি বিলাকলৈ যাৱলৈ ভাল 
নাপাইছিল । ভাৰ্গৱৰ মতে পাৰ্টিত সেই হাই ক্লাচ প্ৰফাইলৰ লগত মিলি থাকিব লাগে ।
ক্লাৱত সন্ধ্যা উপভােগ কৰা তেওঁলােকৰ একপ্ৰকাৰ অভ্যাস বুলি ক,ব লাগিব ।

ভাৰ্গৱৰ অনুৰোধত এদিন তাই ওলাল ।
সকলোৰে আগত তাইক মিষ্টাৰে চিনাকি কৰি দিলে । দেখিলে পাৰ্টিত অহা মাইকী মানুহখিনিৰ পেট বাহু ওলোৱা সাজ-সজ্জা, উগ্ৰ -প্ৰসাধন ,হাতত গুলাপী মদৰ গিলাচ, ক্লাৱত সকলোৱে তাইক মদ খাৱলৈ জোৰ কৰিছে । তাই খাবলৈ মন কৰা নাই । এজনীয়ে জোৰ কৰি খুৱাই দিলে । তাই লগে লগে মূৰ ঘূৰালে আৰু বমি কৰিলে । তাই চকীতে বহি থাকিলে ।

তেনেকৈ বহি থকাৰ মাজতে দেখিলে মিচেচ চাক্সেনা -মিচেচ গুপ্তা, মিচেচ ভাৱাল -মিচেচ মিশ্ৰ  আৰু মিচেচ শৰ্মা - মিচেচ পাৰোৱাল হৈ মৃদু প্ৰাচাত্য সংগীতৰ তালে -লয়ে  আধা সংযত অৱস্থাত নাচি আছে  আৰু ভাৰ্গৱক বিছাৰি ইফালে -সিফালে চালে নেদেখিলে 
আৰু ৰূমৰ ফালে ভুমুকি মাৰোতে দেখিলে
ভাৰ্গৱৰ দুবাহুৰ মাজত - মিচেচ শ্ৰীবাস্তৱ আৰু ৰূমৰ দুৱাৰখন ভাৰ্গৱে বন্ধ কৰি ল'লে ।

বহু সময়ৰ পাছত ভাৰ্গৱ ওলাই আহিল ।
তৃলিনাক বহি থকা দেখি ক'লে , "তুমি বৰ আউটদেটেড -তোমাক শ্ৰীনিৱাচে ইমানকৈ মাতিছিল তুমি তেওঁৰ লগত নানাচিলা আৰু নগলা কিয়???
  তৃলিনাৰ ভাৰ্গৱৰ কথাবােৰ শুনি মূৰ গৰম হৈ গ,ল ।তাই তাৰ পিছৰ পৰা কোনোদিন পাৰ্টিলৈ নগ'ল । কিয় ভাৰ্গৱৰ লগত বিয়া হ'লো - তাকে ভাৱি থাকিল । কিন্তু ভাৰ্গৱে গধূলি সদায় গৈ থাকিল........।।।

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)