সপোনৰ ৰং

©Admin
0
স্বতঃস্ফূৰ্ত ভাবে
প্ৰকাশিত হ'ব
মোৰ হৃদয়ৰ দোমোজাত
কলমলাই থকা 
এটি সপোন !
সেই সপোনৰ বৰষুণ জাকত
স্বচ্ছন্দ মনে তিতিবলৈ
নীৰৱে কৰোঁ বহু আশা !
নৈ-সৰ্গিক বোৰ
 ভাল পাওঁ মই !
বিলীন হ'ব মন যায়
নীলাকাশৰ মাজত !
দু-হাত মেলি দিম
সিঁচি দিয়া
মোৰ দুবাহুৰ মাজত
ফাগুনৰ এচাটি মলয়া বতাহত
পলাশ, শিমলুৰ ৰং !
মুগ্ধ হ'ম মই 
লাহে লাহে বিলীন হৈ যাম
 প্ৰকৃতিৰ বুকুত !
পুনৰুজ্জীৱিত হ'ম
ধৰাৰ বুকুত
প্ৰকৃতি বিশ্ব বিনন্দীয়া !!

📝বিনিতা বৰা
হোজাই জিলা
লংকা কাকী-৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)