পুৱাৰ বেলিটোৰ দৰে

Rinku Rajowar
0
   তুমি পুৱাটোৰ
   দৰে গোন্ধাইছা  |
   নিয়ৰে তিয়াই যোৱা
   চুলিটাৰী মেলি
   কপালত বেলিটো আকি লৈ
   মোক জোকাইছিলা  |
   তেতিয়া তুমি
   পুৱাটোৰ দৰে গোন্ধাইছিলা
   মোৰ প্রিয় আছিল
   গোন্ধটো  |
   যেন লৈ থাকিম
   লৈয়েই থাকিম
   তোমাৰ এই পুৱা যেন
   গোন্ধোৱা গোন্ধটো  ||
   সাগৰৰ ঢৌ যেন
   কাজলসনা চুলিটাৰিয়ে
   মোক সপোন দেখুৱাই
   যি সপোনৰ জখলাৰে
   মই বগোৱা বাই যাও
   মোৰ বাবে  |
   তুমি পুৱাটোৰ দৰে
   গোন্ধাই থাকিবা
   সময় থকালৈকে  |

     📝 হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)