কোনোদিন নহ'ল কোৱা

©Admin
0
ভাল পোৱা ।
ভাল পোৱা হৈয়েই
ৰ'ল ।
কোনোদিন নহল কোৱা ।
হৃদয়ৰ বেথা হৃদয়তেই ৰ'ল
আজীৱন ৰৈ থাকিলো
তোমাৰ বাবেই ।

কামনা বাসনা নাছিল
মাথো আছিল ভাল পোৱা ॥

হৃদয় ভৰাই ভাল পাইছিলো
হৃদয়তে ভৰি ৰ'ল ।
মন ফুলনিৰ
গোলাপ জোপা 
ফুলি আছিল,
চাবলৈ নাহিলা
ৰঙা গোলাপ পাহি ।

সৰি গ'ল পাহি
মৰহি গ'ল প্ৰেম
প্ৰেমৰ জোৱাৰ - ভাটা
মনতে ৰ'ল চিৰদিন ॥

আজীৱন ৰ'লো
মন ফুলনিত
তোমাৰ বাবে ৰৈ ৷
জানাে ।
তুমি কেতিয়াও নাহা ॥
তথাপিও সেই প্ৰেম তোমাৰ বাবেই ॥

📝মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)