তমসা আতৰ হ'ব

©Admin
0
  নিশা যিমানেই গভীৰ হ'ব
    প্রভাতো সিমানেই
    মোহনীয়া হ'ব  ৷

   পুত্র যিমানেই 
    দগাবাজ নহওক কিয়
    পিতৃ-- মাতৃয়ে
   এদিন ক্ষমা কৰিবই  ৷

   দিনৰ পিছত ৰাতি
  আকৌ দিন
  এয়াই নিয়ম  ৷

   ভাল কামৰ ভাল ফল
   বেয়াৰ বেয়া
   এয়া অব্যৰ্থ সত্য  ৷

   নিজক ভাল পাওক
   তেতিয়া আপুনি
   আনক বেয়া পাব নোৱাৰে  ৷

    
 📝 হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)