শূন্য হৃদয়

©Admin
0
শূন্যতাৰে ভৰি থকা হৃদয়খনত কি বিচাৰি পাবা...
তুমি হাজাৰ ভালপাওঁ বুলি কোৱা...
সেই হৃদয়ৰ নাথাকে মাদকতা 
ভালপোৱা অজস্ৰ হেঁপাহ... 
চুৰমাৰ হৈ যোৱা সপোনবোৰ দেখি থাকে অগা দেৱা কৰা ।
লুণ্ঠিত হৃদয়ত মাথোঁ বিষন্নতা ....
দগমগীয়া ৰ'দালি হয়তো নাপাবা বিচাৰি 
সি যে তাইৰ হেঙুলীয়া আবেলি ।
হেপাঁহবোৰক দিছিল বিসৰ্জন আবেলিটিৰ সতে... 
দূৰ কৰিছিল যন্ত্ৰণাৰ  দগমগীয়া  ৰ'দালি ।

এতিয়া কথা পাতে সৰাপাতৰ সতে 
নীলাকাশৰ জাক জাক পক্ষীৰ কাকলিৰ সতে... 
আৰু আশাহীনতাৰ সতে 
জোনাকে তাইলৈ চাই হাঁহে 
ক'ব খোজে আজলি বুলি ....!

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)