এতিয়া সুযোগেই সুযোগ
লুটাৰ সুযোগ
চাৰিওফালে চৰিছে
সুযোগৰ পতাকা
মৰিছে মেহনতী জনতা
মধ্যবিত্তৰ মুখ শুকাইছে ৷
বেলেগলৈ চাবলৈ সময় নাই
কেৱল লুট আৰু লুটি
লুটি ল , লুটি ল ৷
কেতিয়া কব পাৰিম
মানুহ মানুহৰ বাবে
এতিয়া দেখিছো
সকলো নিজৰ বাবে
আপোনপেটিয়া হৈছে
কেৱল লাগে....
সুযোগ আহে লুটিবলৈ
মাধমাৰ মাৰি খাবলৈ
সকলো মগনীয়া মৰক
কেৱল মই জীয়াই থাকো
কেৱল মই
এয়া সময় আহিছে লুটাৰ
লুটি ল , লুটি ল ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ