ভক্তিৰ অৰ্ঘ কৰি অৰ্পণ
গদ্গদ্ দুহাতেৰে
সৃজনৰ আৰাধনা মই...
সৃষ্টিৰ আৰাধনা ।
মৃন্ময় প্ৰতিমা আছিলো সামান্য
হৃদয়ৰ নিচেই কাষৰ মাথো স্ৰষ্টাৰ ।
এদিন, পূজাৰ বেদীত কৰি স্থাপন
তুমি মান দিলা, সন্মান দিলা, ভক্তি দিলা, জীৱন দিলা ।
মই প্ৰাণ পালো, আত্ম সন্মানৰ অপূৰ্ব স্বাদ পালো ।
আত্ম-গৌৰৱ আৰু কৰুণাময়ী জীৱন্ত দেৱী হলো মই..
দহোটা দিন অনাকাংক্ষিত পূজাৰ বিপৰীতে
সম্পূৰ্ণ হৃদয়েৰে আশীষ দিলো
সমগ্ৰ সত্ত্বা উজাৰি ।
হায়, পৰিনাম কিযে দুৰ্বোধ্য আছিল মোৰ !
সৰল মাটিৰ প্ৰতিমা মই..
মাটিতেই লীণ যাম,
মাটিতেই লয় পাম
চিৰ প্ৰশান্তিৰে ।
কিন্তু.. বিসৰ্জন ?
বিসৰ্জনো মোৰ অজানিতেই !
দুৰ্বোধ্য প্ৰথা মানৱৰ...
মাটিৰ প্ৰতিমাত সেৱাৰে প্ৰাণৰ সঞ্চাৰ
পূজাৰ বেদীত ষোড়শপচাৰ ।
অথচ, দশমীৰ কৰুণ সন্ধিয়াত
নিক্ষেপিত নদীৰ অটল গৰ্ভলৈ। (যিদৰে নিৰ্বাসিতা জনকনন্দিনী..)
তাৰ পাছৰে পৰা আৰম্ভ হয়,
প্ৰতিমাৰ কৰুণ গাথা ।
পূজাৰ আস্বাদ পোৱা সত্ত্বাই মোৰ,
দুৰ্বোধ্যভাৱে চাই ৰও মানৱলৈ !
নিৰ্বিকাৰ খোজ, নিৰ্বিকাৰ জীৱন
মোৰ প্ৰতি ।
শ্ৰদ্ধাৰ শেষৰ কণিকাটিও য'ত নাথাকে নিহিত।
আৰু মাতৃভিঠাত জহি খহি খহি থাকে,
প্ৰতিমাৰ আত্মগৌৰৱ ।
📝দেৱাংগীতা
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ