পাকঘৰ

©Admin
0
খিৰিকীৰ ফাকত
আমেজ ভৰা..
সূৰ্যৰ ৰশ্মি..

মাটিৰে সজ্জিত পাকঘৰটোত
ধোঁৱাই আৱৰি ধৰে..

জ্বলি জ্বলি ছাই হোৱা চৌকাটোত
ক'লা ক'লা এঙাৰ বিলাক
ডিঙিত হেঁচা মাৰি ধৰে..

আইৰ খৰিত ৰন্ধা
ধোৱা ধোৱা গোন্ধোৱা
গৰম ভাত কেইটাত
মই পৰশ পাওঁ...

আই ধোৱা বৰণৰ সাজ পিন্ধি
ব্যস্ত পাকঘৰ খনত
মোৰ জীৱন গঢ়াত..
কিম্বা আই এগৰাকী
অনন্য ব্যক্তিৰ অধিকাৰী..

তথাপিও আই গৰ্ব নকৰে
মাথো মৰমসনা হাত খনত ৰন্ধা
ভিন্ন আঞ্জাৰ সুৱাদত
মোৰ ইচ্ছাৰ তেজী ঘোঁৰাটো
চেকুৰাবলৈ আৰম্ভ কৰিছিল..।

📝শচীন কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)