তোৰ সুৰৰ জিঞ্জিৰি

©Admin
0
সোণ পাহি অ,,,,,,,,,
বুকুখন কঁপি উঠিল,
নীৰৱে যেতিয়া নিজৰাৰ কাষত ৰৈ শুনিছিলো,
শিলত ঠেকা খাই অহা,,,,,,,,,
তোৰ সুৰৰ জিঞ্জিৰি শুনি ।

শেষ বাৰিষাৰ ঢৌত
মোৰ বুকুখন ভৰি উঠিল,
শুনো কাণ পাতি,,,,,,,,,,
তোৰ কন্ঠৰ কলমলনিৰ সুৰ ।

দুপৰৰ আকাশত তই
কি সুৰ মেলিলি,,,,,,,,,,,,
মোৰ শুকুলা ফুলেৰে সজা
ৰিহাৰ আচলত মেৰিয়াই বান্ধিলো,
তোৰ সুৰৰ জিঞ্জিৰি ।

সোন পাহি অ,,,,,,,,,,,,
কলিজা কঁপনি উঠে মোৰ,
তোৰ সুৰৰ ধ্বনি শুনি,,,,,,,,,,
জগত নিজান পৰি যায় ।

চ'ত আহি পালেহি বুলি
মেলি দিলি তই তোৰ গীতৰ ধ্বনি,
হালি জালি গাৱ,,,,,,,,,,
তোৰ সুৰৰ জিঞ্জিৰি ।

সোণ পাহি অ,,,,,,,,,,
বুকুখন কঁপি উঠিল,
শিলত ঠেকা খাই অহা,,
তোৰ গীতৰ ধ্বনি শুনি ।

আৰু নো কিমান গাৱ তই,
হালি জালি,,,,,,,,,
মৰমী চাৱনীৰে জিনিলি তই
গোটেই পৃথিৱী খনি ।

📝বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)