নৈ ঘাটত গৈ ইফালে সিফালে চকু ফুৰালোঁ মৌচুমীক নেদেখি চিন্তাত পৰিলো কেনেবাকৈ তাই …. নাই নাই এনে হব নোৱাৰে সিদিনা মই বহুত ভয় খাইছিলো ওচৰেপাঁজৰে থকা মানুহখিনিক সুধিলো কোনেও নাই দেখা বুলি ক'লে এতিয়া কি কৰোঁ তাইৰ ঘৰলৈকে যোৱাটো ভাল হব তেতিয়াহে গম পোৱা যাব এইবুলি কৈ মই বাইক তীব্ৰ গতিৰে দৌৰালো ৷ ঘৰৰ সন্মুখত গৈ বাইক ৰখালো আৰে এয়া কি চোতালত ইমান মানুহ কন্দা কটা চলি আছে কথাটো বুজ লবলৈ মই সোমাই গ'লো ওচৰত গৈ যি দৃশ্য দেখিলো সেই দৃশ্যই মোৰ হিয়াখন ভাঙি পেলালে হঠাৎ ছোৱালীজনীৰ এনেকৈ মৃত্যু হব বুলি মই কাহিনীও ভৱা নাছিলো তাইৰ মৃত্যুৰ কাৰণটৰ জানিবলৈ চুবুৰীয়া মানুহ এজনৰ ওচৰত গৈ সুধিলো মুানুহজনে চকুলো টুকি ক'লে কি কবা ভাইটি তাই আজি বহুত উৎসাহী আৰু আনন্দিত আছিল ধুনীয়াকৈ তৈয়াৰ হৈ চাইকেলখন লৈ ঘৰৰপৰা ওলাইছিলহে এনেতে গাড়ী এখন আহি তাইক খুন্দিয়াই থৈ গুছি গ"ল ইমান সহজ সৰল আৰু সাংস্কৃতিৱান ছোৱালী ভাৱিলেই বেয়া লাগি যায় মই আৰু সহ্য কৰিব নোৱাৰি তাৰপৰা লৰালৰিকৈ গুছি আহি সকলো কথা মা দেউতাকক জনালোঁ ৷ মা দেউতাই মোক সান্তনা দি ক'লে " বেটা এই সব কপালকেৰ লিখা কেও বদলাতে নাই পাৰবেক তুই মনটা বেয়া নাই কৰবে জীৱনে ঘাত প্ৰতিঘাত থাকেই ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ