সি এদিন আপোন ঘৰ খন
এৰি থৈ গৈছিল।
দেশ মাতৃৰ গৰ্ভত লালিত-পালিত সকলক
কুশলে ৰাখিবলৈ।
সি প্ৰায়ে ডাম্ফি মাৰি গৌৰৱে কৈছিল
"মোৰ আই মহান" বুলি।
সি নিতৌ
আই ভাৰতীৰ
বুকুৰ পৰা মৃত্তিকা বুটলি
কপালত এটা তিলক আঁকিছিল।
তাৰ আশী-নব্বৈ ছেণ্টি মিটাৰৰ বুকু দেখি
শত্ৰু সৈন্যৰ হৃদয় এবাৰলৈ নিশ্চয় কপিছিল।
সেই সিদিনাও সি
শত্ৰুৰ সৈতে হতাহতি হোৱা অৱস্থাতো।
দেহৰ সহস্ৰ শক্তি উজাৰি
শেষ উশাহ পৰ্য্যন্ত লৈ যুঁজি গ'ল।
আৰু অৱশেষত মাতৃৰ কুলাতে
জীৱনৰ অন্তিমটো পলত ঢলি পৰিল।
গৰজি উঠিল লগে লগে
আকাশ-পাতাল।
শত্ৰুৰ সৈন্যৰ চকুলৈ চাই
তাৰ জ্বলি উঠা দুচকুৱে কৈ গ'ল "ভাৰত মাতাকী জয়"।
এনেহেন বীৰক
ময়ো কৰিছো অজস্ৰ প্ৰণাম।
তেওঁক আজি সেয়েহে
জগতে চিনে - বীৰ শ্বহীদ জোৱান।
📝কিৰণজয় চাওদাং
নাহৰকটীয়া মহাবিদ্যালয়
ডিব্ৰুগড়(অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ