অচিন অনুভূতি

Rinku Rajowar
0
ক'ৰ পৰা নো আহিলা তুমি !
এটি অচিন অনুভূতি লৈ,
মোৰ জীৱনলৈ,,
 
 যাচিলা স্নেহৰ সুবাস ,
 দিলা নবীন উল্লাস
 কাঢ়ি নিলা‌ মোৰ হৃদয় ,
 মই নবুজাকৈ, মই নভবাকৈ,,,
 কোনখন দেশত লুকাই আছিল
 তোমাৰ এই পৰিচয়??
 
  দুখবোৰে যদি মোক আগছি ধৰে
  বৈ চোন অশ্ৰুধাৰী তোমাৰ নয়নেৰে,
  সফলতা যদি মোৰ কাষ নাচাপে
  নিৰাশতা দেখোন তোমাৰহে জন্মে !
   কি অদ্ভুত এই অনুভূতি,
   প্ৰকৃত স্নেহৰ,
   প্ৰকৃত আদৰৰ !
 
  মই যদি পাৰিলোহেতেন,
   এবুকু মৰমেৰে তোমাক 
                  ঢাকি ৰাখিলোহেতেন,
    আৰু ,
    তোমাৰ জীৱনৰ প্ৰতিটো মূহুৰ্তত
                  তোমাৰ লগ দিলোহেতেন,
    চিৰকাল ! চিৰদিন !
    স্মৰণীয় হৈ থকাকৈ.....
    

    ✍️স্বাতী জয়ছোৱাল
    নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)