তাক খোৱা -বোৱাত কোনো ক্ৰুটি কৰা নাছিলোঁ।
মৰমেৰে সুকোমল সজাটিত আলফুলে ৰাখিব খুজোঁতেই কেতিয়া সঁজা এৰি গুচি গ'ল টলকিবই নোৱাৰিলোঁ ।
দুয়ো মিলি পূৱা গধূলি ...
কৰিছিলোঁ আদান প্ৰদান ভাৱৰ ....
মন গহনত প্ৰতি পলে মিঠা মিঠা স্মৃতি।
শিকিছিলোঁ কবিতাৰ পংক্তিৰে কেনেকৈ উকা কাগজ পৃষ্ঠাত ৰং সানিব পাৰি ...
আৰু শিকিছিলোঁ নিজৰ নিজৰ কক্ষপথত
ৰংবোৰ সিঁচি ফাগুনৰ ধূলিয়ৰী বাট কেনেকৈ চিকুনাব পাৰি।
প্ৰাণপ্ৰাচুৰ্যৰে ভৰা , সুঠাম চেহেৰাৰ এজাক পছোঁৱা শিৰে শিৰে প্ৰবাহিত হৈ
বিশ্বাস আৰু সাহসেৰে আগুৱাই গ'ল...
হতভগীয়াৰ নিস্তব্ধতা ভংগ কৰি।
ৰৈ সকলো মাথোঁ....
শোকাৰ্ত হৃদয়ৰ দৰদী শ্ৰোতা ...!!
এতিয়া পৰীক্ষা...
যোগসূত্ৰ গঢ়ি তোলাৰ দক্ষতা
ৰুচীহীনতা...
দুচকুত সেমেকা অন্ধকাৰ আৰু আশাহীনতা
মোৰ দৃষ্টি নিবদ্ধ এতিয়া এজাক পক্ষীৰ ওপৰত।
আকাশৰ বিশাল উচ্চতাত
অন্য এক অনুভৱ...
আনন্দৰ অনুভূতি নাথাকে হৃদয়ত।
আশাৰে লালিত শক্তি প্ৰয়োজন সাহসৰ
জীৱনত আছে প্ৰচুৰ আনন্দ...
আত্মবিশ্বাস...
মন আনন্দ আৰু শান্তিৰে জাতিস্কাৰ
নিৰাপত্তাময় ঈশ্বৰৰ সান্নিধ্য।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ