বিয়াৰ উপহাৰ

©Admin
0

 ৰীমাই জীয়েকৰ বিয়াৰ দিনা  বায়েক হেমাক - ভনীয়েকে, জীয়েকৰ  উপহাৰখিনি   ভালকৈ কোঠাত থবলৈ ক'লে , "  বাইদেউ  বস্তুখিনি এনেয়ে হিচাব এটা কৰি থচােন । এটা কোঠাত সম্পূৰ্ণকৈ উপহাৰেৰে ভৰি আছিল ।
ৰীমাই নিজৰ মানুহকো কৈছিল , " জীয়েক "এলি" ৰ বিয়াত কোনেও বস্তু নিদিবি দেই । সেইদৰে মামাক, পেহীয়েকহঁতে  সোণ আৰু পাটৰ কাপোৰৰ বাদে বেলেগ বস্তু নিদিয়াৰ সিদ্ধান্ত লৈছিল ।এলি আৰু গিৰিয়েক ৰিয়ান দুয়াে বিয়াৰ পিছত ৰাজস্থানলৈ যাবগৈ । ইয়াৰ পৰা  বস্তু নিয়াৰ পৰিকল্পনা কৰা নাছিল । তথাপিও উপহাৰবােৰ জেঠায়েক হেমাই বহীখনত লিখি গ'ল । উপহাৰবােৰ হ'ল ক্ৰমে :-
দিনাৰ চেট, ফ্লাক্স, ৰান্ধনীঘৰত লগা প্ৰায়বােৰ বস্তু ১০ টা , ১২ টাকৈ পাইছে, সস্তীয়া সজোৱা ছৱি  , ঘড়ী, চাদৰ, ব্লাউজ , মেখেলা, বেডচিট, প্লাষ্টিকৰ ফুল, সস্তীয়া চীনামাটিৰ কাপ -প্লেট,
গামোছা দুখন, কাঠৰ গড়, হাতী, লাফিংবুদ্ধৰ মূৰ্ত্তি, দেৱ-দেৱীৰ মূৰ্ত্তি, ৪৫ টা সস্তীয়া হটকেচ, ইস্ত্ৰী,  ইত্যাদিৰে ঘৰ ভৰি গ'ল । সেই সকলোবােৰ বস্তু ৰীমাৰ বায়েকে ভালকৈ  ভাগে ভাগে  সজাই থ'লে  ।
    ৰিয়ানে ইতিমধ্যে ৰাজস্থানত ফ্লেট কিনি 
সকলো ফাৰ্নিচাৰ কিনি থৈছেই । ৰিয়ানৰ ভনীয়েকে ঘৰত কি কি বস্তু লাগিব , ককায়েকৰ লগত আলোচনা কৰি ভাল ব্ৰেণ্ডৰ কিটচেন এপ্লায়েনচবােৰ কিনি থৈছেই ।
ভনীয়েক ইন্তেৰিয়ৰ ডেকৰেটৰ , সেইবাবে ৰিয়ানে ঘৰত কি ৰঙ বা দিজাইনৰ পৰ্দা দিব লাগিব সেই সকলোবোৰ কৰি থৈছিল । ৰিয়ানহঁতৰ ঘৰখন বৰ চৌখিন । যি কোনো ধৰণৰ আচ-বাব ব্যৱহাৰো নকৰে ।
    বিয়াৰ এমাহমানৰ পিছত  ৰিয়ানহতে ৰাজস্থানলৈ যাব আৰু তাতেই থাকিব । কিন্ত, কাপোৰৰ বাদে একো বস্তুৱেই নিনিয়াৰ সিদ্ধান্ত আগতেই কৰিছিল । ৰিয়ানহঁতৰ ঘৰেও বিনা চইজৰ বস্তু নিয়াত আগ্ৰহী নহয় ।
সেই বিয়াৰ উপহাৰবোৰ এলিহঁতৰ ঘৰতেই পৰি ৰ'ল । আজি এবছৰৰ পিছতো নিয়াৰ কোনো আগ্ৰহ প্ৰকাশ নকৰিলে । ৰীমাই সেই কোঠাতেই উপহাৰবােৰ বন্ধ কৰি থবলৈ বাধ্য হ'ল । ৰীমাই ভাৱিলে, " মানুহক যি কোনো উপহাৰ নিদিয়াই ভাল দেখুন" । হেমাই এদিন আহি কোঠাটো দেখি অনুভৱ কৰিলে, " হয় আজিকালি মানুহৰ ৰুচি বহুত বেলেগ হ'ল, তেনেস্থলত  আমাৰ সমাজে বস্তু দিয়াৰ সলনি পইচা দিয়াটােৱেই উত্তম হ'ব কিজানি" - নহলে এনেদৰেই  উপহাৰবােৰ অব্যৱহিত হৈ  থাকিব ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)