সভ্যতাৰ আগশাৰীত থকা জীৱ শ্ৰেষ্ঠ মানৱ,
আধুনিকতাৰ কবচ পিন্ধা জীৱ শ্ৰেষ্ঠ সকল,
আজি মানৱতাত একেবাৰে উলংগ হৈ পৰিছা৷
এবাৰ নীলা আকাশখনলৈ চোৱাচোন!
এবাৰ পৃথিৱীৰ চাৰিওফালে ভালকৈ চোৱাচোন!
অ’ তোমালোকক এটা কথা কওঁ.....
আমাৰ পৰশত এযোৰ কাপোৰ বৈ থৈছোঁ৷
পিন্ধি চাবানে?
এবাৰ পিন্ধাচোন৷
কিহেৰে বৈছোঁ জানানে?
মৰমৰ বাণীৰে, চেনেহৰ দীঘেৰে,
উদাৰতাৰ ফুল বাচি৷
এযোৰ সততাৰ ৰঙীন বুটা বচা সাজ!
এবাৰ পিন্ধাচোন৷ পিন্ধানা.....
দেখিবা সেইযোৰ খুলিবই মন নাযাব৷
কাপোৰ যোৰত এটা মমতাৰ গোন্ধ আছে,
যি গোন্ধই উপচাই পেলাব হাজাৰ পুষ্পৰ দৰে৷
সেই পুষ্পই আলফুলকৈ দিয়া
হিয়াভৰা অকৃত্ৰিম অশ্ৰুখিনিয়ে,
সেই যে তোমাৰ মস্তক আৱৰি থকা কেশকোচা
তিয়াই দি শৰীৰটো শীতল কৰি তুলিব৷
এবাৰ পিন্ধাচোন৷ পিন্ধিবানে?
হে জীৱশ্ৰেষ্ঠ মানৱসকল!
তোমালোকৰ....
তোমালোকৰ মানৱতাহীন উলংগ শৰীৰটো দেখি
আমি বৰ লজ্জা অনুভৱ কৰিছোঁ অ’৷
আমাৰ দৰে থাকা৷
চোৱা আমি কেনেকৈ আছোঁ৷
হয়! আমাক দেখি তোমালোকৰ হাঁহি উঠিছে ন’?
কিন্তু আগতে যেনেকৈ আছিলোঁ,
তোমালোকক তেনেকৈহে থাকিবলৈ কৈছোঁ অ’৷
আমাৰ দৰে শুভ্ৰ জোনাকত
বৃক্ষৰ শ্যামল পত্ৰই দিয়া
সুললিত সুৰৰ গীত গোৱা৷
ভাস্কৰৰ কিৰণত ভাস্কৰ্যৰ তুলিকা ধৰা৷
সৌ গিৰিৰ মাজেৰে বৈ যোৱা ততিনীখন যে,
তাৰ সুৰীয়া গুণ-গুণটিত নৃত্য কৰা৷
সমুদ্ৰৰ মন্থৰ গতিত বীণা বজাই বজাই
আনন্দৰে মূখৰিত কৰি তোলাচোন৷
সমূদ্ৰৰ তৰংগত ভাঁহি অহা মুকুতাৰ জিলিকনিত
নিজকে জিলিকাই তোলা৷
এবাৰ পিন্ধাচোন৷
মানৱতাহীন শৰীৰটোক ঢাকি পেলোৱা
এজোৰ সেউজীয়া সাজেৰে৷
📝পূৰ্ণিমা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ