অমানিশা স্বপ্নিল

©Admin
0
অমানিশা শান্তিৰ ব'তাহ জাকে
মোৰ দেহত
শীতল বা দি যায় !
সপোনৰ সুহুৰি এটাই
সৰু সুৰুঙাৰে মনে মনে আহি
মোক বৰকৈ জোকাই !
 সাঁজৰ তৰা বোৰে নীৰৱ হৈ
পোহৰ বিলাই
একে ঠিৰে মোলৈকে চাই !
উল্লসিত মনেৰে
মিচিকিয়া হাঁহি মাৰি
নিভাঁজ হৃদয়ত বাজি থকা
সপোনৰ সুহুৰি
সুস্থিৰ হৈ বিচাৰি চাওঁ
কিজানি বা বিচাৰি পাওঁ
মোৰ শিতানৰ কাষত !
কিজানি বা দিব পাৰো
ফেনে-ফোটোকাৰে ওফন্দি থকা
মোৰ ৰঙা বগা কলিজাত ঠাই !
এতিয়া মোৰ ত্বৰান্বিত মনটোক
বোজোৱাটো বৰ টান !
সেয়েহে থিৰাং কৰিছো মই
নিগাজি কৈ মোৰ হৃদয়ত
শান্তি লভিম মাথোঁ
অমানিশা কবিতা লিখি লিখি !
      
     📝 বিনিতা বৰা
      হোজাই জিলা
      লংকা কাকী-৩
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)