কাৰোবাৰ নিকৃষ্ট ফচল

©Admin
0
হয় ! সৌ ডাষ্টবিনৰ পৰাই ভাঁহিছে কেঁচুৱাৰ কান্দোন
কংক্ৰিত নগৰত আজিকালি প্ৰায়েই পোৱা যায় 
সভ্যতাৰ আঁচোৰেও শেষ কৰিব নোৱাৰা
নিৰ্লজ্জ আধুনিক মানৱৰ
আদিতম বাসনাৰ ফচল ।
আপুনিও ছাগে প্ৰতক্ষ্য কৰিছে
জাবৰৰ দমৰ মাজত ,মাখিৰ ভেনভেননিত
ভোকাতুৰ কুকুৰৰ সম্মুখত ...ফুটপাতত ।
নতু কোনোবা স্বপ্ল বাসনাহীন 
পদপথত পৰি ৰোৱা পাগলীৰ বক্ষত
মাতৃত্বৰ সোৱাদ লোৱা দেৱশিশু।
সিহঁতৰ অনুকম্পাহীন ,ধূলিৰে পোতখোৱা
ধোঁৱা বৰণীয়া চুলি, ওৱলিযোৱা মলিয়ন কাপোৰেৰে
দুহাতৰ মেলি চাই থকা অনাথ ।
অলি-গলি মন্দিৰ-মছজিদ ,বাছ আস্থান,ৰেল'ৱে প্ৰেটফম
সিহঁতৰ বাসস্থান । সিহঁতে নুবুজে জীৱনৰ অৰ্থ
নাজানে ৰূপৰ সুৱাহ । নেদেখে সেউজ পৃথিৱীৰ ৰহণ
সেয়েহে , পুস্পিতা হৈয়ে হয় মাতৃ ।
তথাপিও সিহঁত জীয়াই আছে । জীয়াই আছে
কামাতুৰ পিতৃ-মাতৃক বিচাৰি 
সহানুভূতি আঙুলিত ধৰি ধৰি ।
যদি উৰুৱাই জয়ৰ ৰঙা চিলা....
ক'ত থবি নাক অৰ্থহীন সুযোগ সন্ধানী আধুনিকা
তহঁতৰ বাবেই.... মানৱ জাতিত সৃষ্টি
এই নতুন প্ৰজন্ম । অভিলাখী প্ৰত্যাশী অনাথ ।
বিষন্ন পৃষ্ঠাই পৃষ্ঠাই ভৰপক
এন্ধাৰ পোহৰৰ অস্তিত্ব ।
হায় হায় মানৱতাৰ নামত
আধুনিকতাৰ নামত 
কিযে নিলজ্বৰ্তা ।


📝হেমন কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)