কজলা আকাশৰ
তলত বহি বহি
পাতিছে সিহঁতে মেল ।
কৃষ্ণচূড়াক সাক্ষী কৰি,
সিহঁতে কৰিছে আলাপ ।
ধুমুহাই দিয়ে অজান পুলক
ভাল পাওঁ তাৰ গতি
শীতল বতাহে পৰশ সানি
বান্ধে দুয়োকে আঁতি আঁতি ।
বিজুলী-গাজনি যিমানে আহে
জিলিকে দুয়োৰে ৰং
কজলা আকাশৰ তলতে সিহঁতে
সাঁজিছে জীৱনৰ ৰং।
সোণাৰুৱে দেখি,
মিচিকিয়াই হাঁহিছে
পাতিছে সিহঁতে কিনো মেল,
নিবিড় মায়াৰে সিহঁতৰ
গভীৰ কিনো প্ৰেম ।
আকাশত ওলাইছে
সাতো ৰঙী ৰামধেনু
বেলি ডুবিবৰ হ'ল
সেউজীয়া হৃদয়ে
প্ৰাণভৰি কথা পাতি
বিষাদ মনেৰে দুয়ো
উভতি গ'ল ।।
📝বিনিতা বৰা
হোজাই জিলা
লংকা (কাকী -৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ