এজাক বৰষুণৰ অপেক্ষাত -০৬

Rinku Rajowar
0
লাষ্ট ক্লাছ কেইটা কৰি ঘৰ পালোহি। এনেই বিছনা খনত পৰি আছো। ৭টা  মান বাজিছে। ফোন টো ওচৰতে থৈ দিছো। তেনেতে  ফোনত notification এটা আহিছে। 
______oii পোৱালি
প্ৰান্তিক দাই হয় কালি নম্বৰ টো ছেভ কৰিবলৈ নহ'লে এতিয়া ছেভ কৰি মেচেজ টোৰ reply কৰিছো।
______হমম,,,কওঁক
প্ৰান্তিক______ৱাঃ আজি যে একো নক'লা। পোৱালি বুলি ক"লে  ভাল পোৱা ন'!
_______আপোনাৰ লগত আৰু মই কথাত জিকিব পাৰিম নে?
প্ৰান্তিক_______হাঃহাঃ
________হূহ। হাঁহিবলৈ আহিছে। ইমান কেনেকৈ হাঁহি থাকিব পাৰে আপুনি? 
প্ৰান্তিক_______ তোমাৰ কথা শুনি মই নাহাঁহি থাকিব পাৰো নে!
_______অ তাৰ মানে মই হাহি উঠা কথা হে কওঁ।
প্ৰান্তিক______ওম আৰু কি? যি তোমাৰ পোৱালি পোৱালি কথা। By the way কি কৰিছা এতিয়া?
_______ শুই আছো এনেই।
প্ৰান্তিক_______কিয় পঢ়া নাই কিয়? ফাইনেল exam  পালেহি নহয়।
_______ পঢ়িম লাহে লাহে।
প্ৰান্তিক_______ পঢ়িম নহয় যোৱা পঢ়া গৈ এতিয়া।
_______ hmm ,,,bye।
ফোন টো থৈ দিলো।
মন যোৱা নাছিল অলপো । তথাপিও পঢ়া টেবুল খনৰ ওচৰ লৈ আহিছো।
_____তেওঁৰ কথা মতেই কিয় মই কাম বোৰ কৰিব লৈছো। অলপ দেৰি কথা বোৰ ভাবিছো।
_____ তাতে আজি কলেজত যিবোৰ হে হ'ল। মনত পৰিলে হাঁহিও উঠে , খংও উঠে।
_____ কিয় বাৰু মই অলপতে কান্দি দিও? প্ৰান্তিক দাৰ লগত চিনাকি হোৱা ইমান দিন হ'ল যদিও আজিলৈকে মই নাজানিলো তেওঁ কোন year ত পঢ়ে। সুধাও নাই বাৰু আজিলৈকে মই অকল senior বুলি জানো। 
_____ সুধি চাওঁ  নে কি? আকৌ ফোন টো লৈ মেচেজ এটা কৰিলো।
_____ শুনক,
প্ৰান্তিক______ ওমম,, কোৱা,
লগ লগ মেচেজ টো reply কৰিছে। ফোন টো হাততেই থাকে। 
______ আপুনি কোন year ত পঢ়ে। ( লাজে ভয়ে কথাটো সুধিছো,,কিবা কব নে কি আকৌ)
প্ৰান্তিক_____ অ b.com 4th semester।
______hmm,,,
প্ৰান্তিক______ পঢ়া এতিয়া কিবা help লাগিলে ক'বা।
_____ umm,,, হ'ব।
B.com 4th semester! আঙুলি মূৰত হিচাপ কৰিলো।মোতকৈ ৩ বছৰৰ ডাঙৰ হ'ব পাৰে। নিজে নিজেই কিবা হাঁহি এটা ওলাই গ'ল। কাইলৈ আমাৰ hs 1st year ৰ লাষ্ট ক্লাছ হ'ব। পৰীক্ষাৰ কাৰণে বন্ধ দিব।আজি কোনোবাই কৈ থকা শুনিছিলো। কাইলৈ কলেজ যাবলৈ মন নাছিল যদিও যাব লাগিব লাষ্ট ক্লাছ।

পাছদিনা_____

কলেজ পালো গৈ।আজি কলেজৰ কেম্পাচ টো একেবাৰে শান্ত হৈ আছে। হয়তো পৰীক্ষাৰ বাবেই সব ব্যস্ত চাগৈ। ক্লাছ হ'বই হল,, বর্ষাও আহি পালেহি। 
____আজি লাষ্ট বেন্সত বহিম। বৰ্ষাক ক'লো। সেইমতে লাষ্ট বেন্সত বহিলো গৈ। ক্লাছ বোৰ এটা এটাকৈগৈ আছে। চিনিয়ৰ সকলৰ ক্লাছ বোৰ আজি নাই হোৱা ৰাতিপুৱাৰ পৰা প্ৰান্তিক দা হঁতক দেখা নাই।অফ ক্লাছতো লগ নাপালো আজি,,, ক'ত বা গ'ল? বৰ্ষা ই গম পাবও পাৰে সোধো চোন। তাইলৈ চালো।আজি ইমান মনে মনে আছে। একো এটা কথা কোৱা নাই। হয়তো পৰীক্ষাৰ কাৰণে চিন্তা হৈছে বুলি ভাবি তাইক একো নোসুধিলো।
 ভাল লগা নাই মনটো।আজি লাষ্ট ক্লাছ ।কাইলৈ পৰা আৰু কলেজ অহা নহয়। ছেহ,,, এবাৰো নেদেখিলো আজি। ক্লাছত মন বহা নাই অলপো। চকু কেইটাই যেন কেৱল তেওঁক হে বিচাৰি ফুৰিছে।তেওঁক দেখিম বুলিয়ে আজি লাষ্ট বেঞ্চত বহিছিলো। বৰ্ষা লৈ চালো। একাণপটীয়া হৈ ক্লাছত মন দি আছে আৰু মই কি কৰি আছো? নিজৰ ওপৰতে খং উঠি গ'ল,,,

ক্লাছ শেষ হ'ল। 
_____ অই,,৫ মিনিট দেৰিকৈ ওলাম কলেজৰ পৰা। বৰ্ষাক ক'লো। মনটোতে ভাবিছো সেই ৫ মিনিটত তেওঁক এবাৰ দেখিলেই হল। 
লাহে লাহে ওলাইছো কলেজৰ পৰা। কিন্তু তেওঁক এবাৰো দেখিবলৈ নাই ক'তো । তেনেতে বৰ্ষাই মাত লগালে " কাইলৈৰ পৰাটো কলেজ বন্ধ,,লগ নাপাম আৰু তোক।"" কথাটো কৈ তাইৰ চকু কেইটা চলচলিয়া হৈ গ'ল।
______ কি হ'ল.? তই কান্দিছ" কিয়?
 একো নাই বুলি কৈ মোক সাৱটি ধৰিলে তাই আৰু হুক হুকাই কান্দি পেলালে। 
ৰৈ দিলো সেই খিনিতে। তাইক লগ পোৱা ইমান দিন হল যদিও আজিলৈকে মই তাইৰ চকুত চকুপানী দেখা নাছিলো। ইমান হাঁহি মাতি থকা ছোৱালী জনীৰ অন্তৰত দুখ লুকাই থাকিব পাৰে নে? কেতিয়াও মই ভৱা নাছিলো। আজি তাই বহু দিনৰ পৰা লুকুৱাই ৰখা দুখ খিনি উলিয়াই দিছে।_____ নাকান্দিবি চোন। মোৰো চকুপানী ওলাই আহিছে।
_____ কি হ'ল তই মোক ক'
তেতিয়াও তাই কান্দি আছে।কান্দিব দিছো তাইক যিমান পাৰে। হয়তো এইয়া তাইৰ কাৰণে যথেষ্ট নহয়। বুজি পাইছো তাই কিমান দিনৰ পৰা কিছুমান কথা ধৰি ৰাখিছিল।।আৰু আজি তাই সেইখিনি প্ৰকাশ কৰিবলৈ সুযোগ পাইছে। তাই আজি ধর্য্য সীমা পাৰ কৰিছে।

আগলৈ,,,,

পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)