অভয় হঠাৎ থমকি ৰ'ল ৰাস্তাৰ দাঁতিত থকা দোকানখনৰ সন্মুখত ৰৈ চিগাৰেট খাই থকা মানুহজনলৈ ভালকৈ মন চাবলৈ ধৰিলে ৷
ৰুহিত অলপ দুৰ গৈ ঘূৰি চাই অভয় দেখােন কিবা চাই পাহৰি আছে ৷ ৰুহিতে ওচৰত গৈ সুধিলে
" কি হ'ল ইমান মন দি কি চাই আছা ?"
অভয়ে চিগাৰেট খাই থকা মানুহজনলৈ আঙুলিয়াই ক'লে
" সৌৱা দেখিছা মানুহজন কি সুৱাদ লৈ লৈ চিগাৰেট খাই আছে , বৰ টেষ্টি লাগে চিগাৰেট চাগৈ "
ৰুহিতে ক'লে
" তোৰ আৰু কাম নাই টেষ্টি লাগিলেও আমাৰ কি লাভ হব এতিয়া বল বল স্কুললৈ দেৰি হৈ আছে প্ৰিঞ্চিপালে নহলে পানিশমেণ্ট দিব "
অভয়ে ক'লে
" চিগাৰেট খাবানে ? "
ৰুহিতে অভয়ৰ হাতত ধৰি টানি লৈ যায় স্কুলৰ ছুটিৰ পাছত দুয়ো ঘৰলৈ উভতি যাওঁতে অভয় আকৌ দোকানৰ কাষত ৰৈ চিগাৰেট খাই থকা মানুহজনলৈ চাই ৰ'ল ৷
ৰুহিতে ক'লে
" এইবাৰ কি হ'ল ? "
অভয়ে আকৌ ক'লে
" খাবানে ? "
ৰুহিতে খ্ং কৰি ক'লে
" তোৰ নহয় মাঠা গৰম হৈছে এই কাৰণে এইবোৰ বস্তুলৈ চকু দিছ তই ইয়াতে ৰয় থাক আনৰ চিগাৰেট খাই থকালৈকে চাই মই যাওঁ "
ৰুহিতৰ যোৱা দেখি অভয় তাৰ পাছে পাছে দৌৰিলে ৷ সন্ধিয়া খেলি থাকোতে অভয়ে বাপেকৰ পেণ্টৰ পৰা দহ টকা এটা লৈ ৰুহিৰ ওচৰত গৈ ক'লে
" ৰুহিত বল চিগাৰেট কিনি খাওঁ মোৰ লগত পইচাও এয়া চা "
ৰুহিতে নিজৰ মূৰত থপৰিয়াই ক'লে
" হে ভগৱান এই মূৰ্খটোক জ্ঞান দিয়ক নহলে এই পাগলে নিজেও মাৰ খাব লগতে মোক মাৰ খোৱাব "
অভয়ে তাৰ কাষত বহি ক'লে
" ইমান ভয় কিয় খাইছ চা আমি চিগাৰেটটো কিনি নৈ পাৰলৈ গৈ খাম কোনেও গম নাপাব ৷ এটা কথা কচোন নতুন বস্তুৰ সুৱাদ কেনেকুৱা এবাৰ টেষ্ট কৰি চাবলৈ মন নাযায়নে ? "
ৰুহিত কিছুসময় ভাৱি ক'লে
" মনটো যায় "
অভয় উৎসাহী হৈ ক'লে
" তেনেহলে কিহৰ চিন্তা লেষ্টচ গ’ চিগাৰেট এটাকে খাই চোৱা যায় "
ৰুহিত এইবাৰ অভয়ৰ কথাটো মানি লৈ আৰু দুয়ো চিগাৰেট কিনিবলৈ দোকানটোৰ সন্মুখত গৈ ৰ'লহি কিন্তু বহুত সময় ধৰি থিয় হয় ইফালে সিফালে চাই আকৌ দোকানীলৈ চাই ৷ তাকে দেখি দোকানীজনে নিজেই সুধিলে কি লাগে তঁহতক ইমান সময় ধৰি চুচুকচামাক কৰি আছা "
অভয় কওঁ বুলি মুখখন মেলোতেই দোকানত আন এজন গ্ৰাহক আহি চিগাৰেট বিচাৰিলে ৷ অভয় উপায়হীন হৈ পাল্শ মৰ্টন কে কিনি দুয়ো গুছি গ'ল
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ