অনুভূতি

©Admin
0
অইন দিনাৰ দৰে নয়নহঁতৰ ঘৰৰ গেটখনত সিহঁতৰ পোহনীয়া কুকুৰটোৰ ভূকভূকনি শুনি অলপ থমকি ৰলো ৷ হঠাৎ ককাদেউতাই কোৱা কথাষাৰ মনত 
পৰিল ৷জীৱ জন্তৱে হেনো অপাৰ অমংগলৰ কথা আগতীয়াকৈ গম পায় ৷ সিহঁতৰ ঘৰৰ কলিং বেলটো বজোৱাৰ আৰু সাহস নহল ৷ঘৰৰ সন্মুখৰ ফালে থকা খিৰিকী কেইখনো জপাই থোৱা বাবে ভাবিলো বাহিৰৰ আলহীৰ বাবে সিহঁতৰ ঘৰত কনো স্থান
 নাই ৷উপায় নাপাই লাহেকৈ এষাৰ মাত দিলো'' 'নয়ন ভাগিন ' অ" নয়ন 
ভাগিন ৷মাত ষাৰ দিয়াৰ পিছত কুকুৰটোৰ ভূকভূকনি আৰু দুগুনে বাঢ়িল ৷ পাকঘৰৰ পৰা কোনৱাই কোনে মাতিছে বুলি শুনাৰ লগে লগে ভাবিলো এয়া নিচ্ছয় মনিকা আইটিৰ মাত ৷ মহেশ ককাই  ইমান সংকট কালত কৰ পৰা  ওলালি৷ আমি ক"ৰনাৰ ভয়ত ঘৰৰ পৰা বাহিৰ হোৱা বাদেই 
দিছো ৷'মহেশ ককাই তহঁতৰ যে আৰু কান্ডবোৰ৷সামাজিক সংক্ৰমনৰ সময়ত মুখত মাক্সখনো নাই ৷,আহা বুলিকৈ একেখাপে লৰ মাৰি ভিতৰলৈ দৌৰ মৰা দেখা মহেশ ককাই গম পালে ঘৰৰ ভিতৰত তাৰ স্থান নাই ৷বাৰান্দাৰত পৰি থকা চকীখনতে হয়তো তেওৰ  বহাৰ ঠাই ৷ নিহাৰিকা মাজনীৰ বিয়াৰ খবৰটো দিওঁতে পিছে মহেশ ককাই সিহঁতৰ কুকুৰটোৰ পৰা হয়তো সম্ভেত পালে বিয়াত সিহঁতে সহযোগ নকৰে ৷ বাৰু যা হওক এয়া সিহতৰ কথা ৷ মাজনীও , অলপ ইফালৈ আহাচোন ৷ মোৰ সময় নাই 'অলপ সকাম আছে ৷মাত এষাৰ দিয়া ৷ এইবুলি কৌৱাৰ লগে লগে মনিকাই হাতত বটল এটা লৈ মহেশৰ ফালে আহিবলৈ ধৰিলে ৷ এয়ানো কি মাজনী ৷মহেশে কলে ৷ এয়া সেনিটাইজাৰ ৷ তোমাৰ হাত দুখন ধূই লোৱা ৷মনিকাই উত্তৰ দিলে ৷ বেচেৰা মহেশে ভতিজিৰ বিয়াৰ টেনছনত একোতে মনোযোগ দিব পৰা নাই ৷ নিজৰ ঘৰখন চলোৱাৰ পৰা নিহাৰিকাহঁতৰ দায়িত্ব পালন কৰিব লগা হোৱাত তেওঁ যথেষ্ট কষ্ট কৰিব লাগে ৷ধনেশ ককাইৰ অকাল মৃত্যুত তেওঁ গোটেইখিনি চম্ভালিব লাগে ৷মজনী অহা ১২ তাৰিখ বুধবাৰে নিহাৰিকাৰ বিয়াত আহিবি !সম্ভৱত বিয়া মন্দিৰত হব ৷ভয়ৰ কাৰন নাই ৷তহঁত নাথাকিলে হতভগা পৰিয়ালটোৰ কি দশা হব পাৰে তোমালোকে জানাই মুন আৰু অপ্পিতাহঁৰ কথা কৈ লাভ নাই ৷ইহঁত চহৰত থাকে ৷ এই দূর্যোগৰ দিনত সিহঁত কেনেকৈ আহিব ৷ আর্থিক অনাটনত মহেশ ককাই কেনেকৈ কি কৰিব নিজে ঠিৰাং কৰিব পৰা নাই ৷ কিন্ত , বেচেৰা মহেশ পৰিয়ালটোৰ বোজা বহন কৰি যাবই লাগিব ৷এয়া হয়টো তেওৰ ওপৰত বিধাতাই জাপি দিয়া দায়িত্ব ৷ মহেশ দা... এয়া
 লোৱা ৷ হাত দুখন ধুই ভিতৰলৈ আহা ৷ ঘৰত ডিম্পিৰ বাহিৰে কোনো নাই ৷ কাৰখানাৰ কামত বাপেক ওলাই গৈছে ! মই আহিলে কম ৷ তেখেত হয়তো বিয়াত যাব নোৱাৰিব ৷কিন্ত ??  কি হল এনেকৈ
 কলাযে ৷ হব বাৰু পাৰিলে দেখা কৰিবা ৷চা কাপ খাই মহেশ ককাই ঘৰলৈ বিষন্ন মনেৰে খোজ দিলে ৷!এয়া নিশ্ছয় .....

📝শশধৰ কলিতা
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)