প্ৰেম এক সুৰৰ গাথা খণ্ড-০৪

©Admin
0
ৱাহ্, সি মোক কি কৈছে যানা‌ তোমাৰ কথা?
  কি কৈছে , কোৱাচোন কোৱা!
  কৈছে আৰু, "ধন্যবাদ ভন্তি, ইমান সহজ- সৰল, মই মনে বিচৰা ছোৱালী এজনী বিচাৰি দিলি"।  
      তেনেকৈ কৈছে সি মীনাক্ষী, তোমাক সি সচাই পছন্দ কৰিছে আৰু সিও বহুত ঠাণ্ডা ল'ৰা, একেবাৰে সকলোৰে বাধ্য ল'ৰা, দুয়োটা মিলি পৰিছা তোমালোক। ভাল লাগিছে যদি সম্মতি জনাবা তুমিও দেই।
   অহ' তেনেকে কৈছে সি?বাৰু মই ভাবি ক'ম।শুনাচোন সি মোৰ লগত কথাহে পাতি আছে, প্ৰেমৰ প্ৰস্তাৱ দিয়াই নাই নহয়,!!!
  ধেৎ,পাগলি তোমাক কৈ থৈছোঁ মই কৈ হে থৈছোঁ তোমাক,,,
 ওম, হ'ব বাৰু।।

পুনৰ অংকুৰে মীনাক্ষী লৈ মেচেজ দিলে—
—শুনা মীনাক্ষী, মই তোমাৰ মাততো শুনাই নাই নহয় ভালকৈ,শুনাবা নে?
 বাৰু শুনিবা, এদিন।।
 তোমাক কথা এটা শুধিব পাৰু নে?
  কোৱাচোন,,,,
 মই শুনা মতে তুমি পঢ়া শুনাত বৰ ভাল, আৰু কি কৰি ভাল পোৱা তুমি?
  মই, হেই একো ‌চোকা নহয় দিয়া,,লিখা পঢ়া কৰিয়েই ভাল লাগে বাৰু মোৰ।। পিছে,তুমি কি কৰি ভাল পোৱা?
 হাঃ হাঃ, মই! তুমি যি কাম কৰিলে ভাল পোৱা সেয়াই কৰি ভাল পাম।
 — নিজে ভাল পোৱা কাম কৰিবা, তেতিয়াহে মনত শান্তি পাবা।।
 হ'ব দিয়া, তুমি ভালপোৱা কামকে কৰিম মই, তেতিয়া তুমিও সুখি হ'বা।।
  বাৰু,
 শুনাচোন মীনাক্ষী, ফোনত মোৰ কথা শুনিলে তুমি একোকে বুজিয়েই নাপাবা বুইছা,,,
  কিয় আকৌ? 
 নহয় মানে, মই যে কথাবোৰ অত্যন্ত 'speed' ত কও,বুজিজে পাবা আশা ক্ষীণ,,
 ইহ্, ইমান খৰকৈ কথা যে নকয় আৰু দেই,,
   ৰ'বা,অলপ পাছত 'call' কৰিম।
 অহ্,এনেই নক'বা দেই,,,
   সচাই কৈছোঁ মই ফোন কৰিম ৰিচিভ কৰিবা তুমি,,, আৰু শুনা মোৰ মাত শুনি আকৌ ভয় নাখাবা!
 এহ্,কিনো বাৰু, ইমান ভয়াতুৰ নহয় মই ঔ,,,
 

(মীনাক্ষী মনে মনে ভয় লাগিছে,কি পাতিব তাৰ সৈতে,পিছে তাই যে আজিকালি অকলে একান্ত মনে কিনো ভাবি হাঁহি থাকে অকলে অকলে , নিজেই যে নিজলৈকে লাজ অনুভৱ কৰে,,,কি হৈছে বাৰু মোৰ, কেৱল মোৰে এনে হয় নে অংকুৰৰো এনে হয় বাৰু,,,,)

 অলপ সময়ৰ পাছতেই অংকুৰে ফোন কৰিলে,,,,
 হেল্ল'
 ওম,কি কৰিছা?
এনেই আছোঁ, তুমি কি কৰিছা অংকুৰ?
  মই,, এনেই আৰু পঢ়িবলৈ আৰম্ভ কৰিছোঁ।
  অ,,
  কি অ',,, আৰু একো নোকোৱা নেকি?
 চাহ খালা?
 খালো খালো,পঢ়ি লৈ কথা পাতিম আকৌ,,,
  ঠিক আছে।।
 ৰাখিছোঁ এতিয়া।।।
 
 (ৰাতি ৯,৩০ মানত অংকুৰে মীনাক্ষীলৈ মেচেজ দিলে,—
    তোমাৰ মাততো বৰ ধুনীয়া দেই,,
     হেই, মিছা কথা নকবা দেই,,,একো ভাল নহয়
  হয় ঔ, আকৌ যেতিয়া তোমাৰ মন তেতিয়াই ফোন কৰিব পাৰা মোলৈ,একো আপত্তি নাই মোৰ আকৌ,,,,
  হ'ব বাৰু।।
 লগ পাম আৰু তেনেহলে কালিলৈ,লগ পায় কেনে লাগে জনাবা মোক, তোমাক ‌চাবলৈ মোৰ যে বৰ হেঁপাহ হৈছে যানা।।
   মোৰো মন গৈছে তোমাক লগ পাবলৈ।।।
  বাৰু লগ পাম কালিলৈ দেই।।।।

          আগলৈ,,,,

✍️ময়ুৰী শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)