নিসংগতাৰ ভেম মোৰ ভাল নেলাগে!
উৰ্বৰা পৃথিৱীৰ এচুকত দিয়া মোক ঠাই ।
গঢ়িব দিয়া বন্ধুত্ব চৌপাশৰ স'তে,
মই গীত গাম, মই নাচিম,
মই উচুপি উচুপি কান্দিম সিহঁতৰ স'তে
ফুলৰ স'তে মিতিৰালি পাতি পক্ষী হৈ উমলিম .... ।
নিসংগতাৰ ঐশ্বৰ্য্য, বিভূতি মোৰ কাম্য নহয়,
নিবিচাৰো অলেখ খ্যাতি, সম্ভাৰ;
দৰিদ্ৰজনৰ তেজ শুহি সাজিব নোখোঁজো মই সুউচ্চ অট্টালিকা !
য'ত শূণ্যতাত ওলমি ৰয় মোৰ আত্মা !
দলিয়াই দিওঁ মোৰ অৰ্থহীন সম্পদ, যশস্যা আৰু ভেমাল পোছাক;
মাৰ্বলখচিত খটখটী এৰি মই মজিয়ালৈ নামিব খোজোঁ।।
কাৰ্পেটশুৱনি মজিয়া এৰি
নিজকে আবিষ্কাৰ কৰোঁ
দুবৰিৰ কোমল দলিচাত ;
এদিন য'ৰ পৰা আৰম্ভ হৈছিল মোৰ যাত্ৰা ।
ধূলিয়ৰি চোতাল, সেউজী পথাৰতে আকৌ লেখিব খোজোঁ সৃষ্টিৰ এমুঠি কবিতা
প্ৰেৰণাৰে জীপাল হৈ ! !
📝ৰীতামণি বৰদলৈ
(গুৱাহাটী )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ