ধ্বংসৰ বুভুক্ষা

©Admin
0
আৰু কিমান বাকি আছে
বিষাণুৰ কৰাল গ্ৰাসত
মৃত্যুৰ কিৰিলি  শুনিবলৈ
কৰ্ণপটহত বাৰে বাৰে ভাহি আহে 
কাৰোবাৰ অটহাস্য
সকলোতে যেন আতংকৰ ধুমুহা,
কাৰ অভিশাপৰ অগ্নিৰ দাৱালনত
চাৰখাৰ হৈ গ'ল বাঘজান
আনফালে বন্যাক্ৰান্তৰ হিয়াভগা কান্দোন
চকুৰ পচাৰতে উটুৱাই নিয়ে ঘৰ বাৰী
চাৰিওদিশে ধ্বংসলীলা 
চিঞৰি চিঞৰি যেন শুধিম
শেষ হোৱা নাইনে
স্তুপিকৃত খঙৰ এই মুক্ত প্ৰকাশ
জীৱন লোৱাৰ ক্ষুধা, 
নিজৰেই সৃষ্টি ধ্বংসৰ 
অহেতুক আনন্দ নে জিঘাংসা
শুনিবানে এবাৰ তোমাৰেই
সুন্দৰ সৃষ্টিৰ 
এই আকুল আহ্বান
আমাক জীয়াই থাকিবলৈ দিয়া


📝ড: মৃদুল চন্দ্ৰ শৰ্মা
তৰাজান, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)