ৰঙা নদীৰ
পাৰত বহি
সেন্দুৰীয়া কপালখন
দাপোনেৰে চালো ।
হঠাৎ ৰঙা নদীৰ
বোৱঁতী সোঁতত
দাপোন ভাঙি উটি গ'ল ।
বালিচৰত উজ্জ্বলি থকা
বালিছন্দা বোৰত
সেন্দুৰীয়া কপালৰ
জীয়া ছবি বোৰ
ৰৈ গ'ল ।।
📝বিনিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ