তোমাৰ বিষাদৰ কথন

©Admin
0
  চহৰত আজি অমাৱস্যাৰ ছায়া আছে ,       
তোমাৰ চহৰৰ নাম ফলকত লেখা আছে      হাজাৰ প্ৰাণৰ আকুলতাৰ ইতিহাস  ।       
 আজি তোমাৰ বিমুখীতাত মোৰ বুকুৰ হাড় ,          এডাল এডালকৈ ভাঙি যায় ।        
যেন হিমালয় পাহাৰখন মোৰ বুকুখন চেপি আছে ।
 সেয়ে মোৰ উশাহ লোৱাত বহুত কষ্ট ,    
হিৰোশিমা নাগাচাকিৰ দৰে জ্বলিছে কয়লাৰ জুই।  
মোৰ সজোৱা চহৰ ক্ৰমশ হৈ পৰিছে নষ্ট ,    
আজি তোমাৰ বিমুখীতাত মোৰ আকাশত ,  
শাওণঁ মাহৰ মেঘৰ বৰষুণ  পৰিছে ।          
তোমাৰ অকণমান অবহেলাৰ বাবে ,           
মোৰ চহৰত খোদিতহয় সহস্ৰাধিক কবৰ ।            
তোমাৰ অবহেলাৰ বাবে  মোৰ আকাশত ,   
আজি কাল বহাগে কৰিছে তাণ্ডৱ।                                                                        
ৰিংকী মণি নাথ                                        বঙাইগাওঁ                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)