এইবাৰ ব'হাগত নাহিবি চেনাইধন

©Admin
0
নিশাৰ দৰেই নিস্তব্ধ দিনবোৰ
হৃদয়ত বাজি উঠিছে
এটি বিষাদৰ সুৰ
ফুলিব খোজা কপৌফুল পাহেও
বিচাৰিছে এমুঠি সাম্ভাৱ্যৰ পোহৰ৷

চেনেহৰ ঋতু বসন্তই
মনে মনে সলাইছে বৰণ
আশাৰ ৰংবোৰ বুকুতে সামৰি লৈ
নাই ঢোলৰ ধিনদাও মাত
নাচনীৰ কঁকাল ভঙা ছেও৷

হেপাঁহৰ বিহুটি দুৱাৰদলিত পাওঁ পাওঁ
ৰাংঢালী ৰংমন ঘৰতে আছে সোমাই,অদম্য হেপাঁহবোৰক কাৰাবন্দী কৰি থৈ,
নোৱাৰি যে যাব বাহিৰত ওলাই৷

এইবাৰ ব'হাগত নাহিবি চেনাইধন নেলাগে ল'বলৈ মৰমৰ বিহুৱান 
ঘৰতে থাকিবি,কুশলে থাকিবি
জীয়াই থাকিলে সকলো পাম৷

📝কানন গোস্বামী,ধুবুৰী৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)