ৰক্তগঙ্গাৰ পাৰত মোৰ শৈশৱ (পঞ্চম খণ্ড)

©Admin
0

     
আমাৰ বাল্যকালত গাঁওখনত 'ৰামপুৰ গান্ধীজী পুথিভঁৰাল' নামেৰে এটি পুথিভঁৰাল আছিল ।  গাওঁখনকে ধৰি কাষৰ পাজৰৰ এটা বৃহৎ অঞ্চল জুৰি এই পুথিভঁৰালৰ প্ৰভাৱ আছিল অপৰিসীম ।  আমি জনাত পহুমৰাৰ পৰা কিমিনলৈকে এই বৃহৎ অঞ্চলত অন্য কোনো পুথিভঁৰাল নাছিল ।  এই পুথিভঁৰাল সৃষ্টিৰ কাৰণ আছিল অতিকে পিছপৰা অঞ্চলটোৰ অৰ্ধশিক্ষিত লোক আৰু বিশেষকৈ নৱ প্ৰজন্মক জ্ঞানৰ পোহৰ বিলোৱা আৰু আঁৰৰ মুখ্য ব্যক্তি সকল আছিল আমাৰ দদাইদেউ ঢকুৱাখনা ঘাঁহি গাঁৱৰ প্ৰয়াত লক্ষ্মীনাথ বৰুৱা, আমাৰ দেউতা প্ৰয়াত কিৰণ চন্দ্ৰ বৰুৱা, প্ৰয়াত লোকনাথ মহন্ত, প্ৰভাত বৰা, প্ৰয়াত মোলান চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ নেওগ আদি ।  প্ৰয়াত লক্ষীনাথ বৰুৱাই আমাৰ ঘৰতে থাকি ৰামপুৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল ।  পিছলৈ বদলি হৈ ঢকুৱাখনালৈ গুছি যায়গৈ ।  ৰামপুৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ আগতে উত্তৰ লখিমপুৰ নগৰৰ বৰ্তমানৰ বাপুজী প্ৰাথমিক বিদ্যালয়খনি প্ৰয়াত লক্ষীনাথ বৰুৱায়ে স্থানীয় কেইজনমান শিক্ষিত ব্যক্তিৰ সহায়ত প্ৰতিষ্ঠা কৰিছিল ।
     স্কুলীয়া শিক্ষাৰ বাহিৰে অন্যান্য জ্ঞান ভাণ্ডাৰৰ বাবে আমি এই পুথিভঁৰালৰ ওপৰতে নিৰ্ভৰশীল আছিলো ।  সমগ্ৰ অঞ্চলটোত বিদ্যালয়ৰ বাহিৰে এই  পুথিভঁৰালেই আছিল জ্ঞানৰ একমাত্ৰ শ্ৰোত । অধুনালুপ্ত এই লাইব্ৰেৰীৰ লগতে আমাৰ গাঁৱৰ একমাত্ৰ নামঘৰটো আছিল ।  লাহে লাহে আমাৰ গাঁৱলৈ বিহপুৰীয়া জাপজুপৰ পৰা এঘৰ দুঘৰকৈ বহু কেইঘৰ মানুহ আহি বসতি কৰিবলৈ ললে । এনেদৰে সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে কৌশলেৰে সমাজখন দুভাগ কৰি আমাৰ লাইব্ৰেৰী আৰু নামঘৰৰ মাটিখিনি দখল কৰি ললে । উপায়ন্তৰ হোৱাত আমাৰ গাৱঁৰ কায়ষ্ঠ সম্প্ৰদায়ৰ লোক প্ৰয়াত প্ৰফুল্ল কুমাৰ সিংহই গাঁৱৰ পুৰণি মানুহখিনিক নতুনকৈ নামঘৰ সাজিবলৈ তেখেতৰ ঘৰৰ কাষতে কিছু মাটি দান দিয়াত লাইব্ৰেৰী সহ নামঘৰটো নতুন ঠাইত গঢ় লৈ উঠিল ।  নামঘৰটো আজিও আছে যদিও লাহে লাহে স্থানীয় যুৱক যুৱতী সকলৰ আগ্ৰহৰ অভাৱ অথবা সৰহ ভাগেই কৃষি কাৰ্যত নিমজ্জিত হোৱাত আৰু সক্ষম সকলৰ যুৱক যুৱতী সকল গাঁৱৰ পৰা উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ ওলাই যোৱাত লাইব্ৰেৰীটো মৃত্যুমুখত পৰিল । পুৰণি মানুহখিনিৰ হৈ প্ৰয়াত কিৰণ চন্দ্ৰ বৰুৱা আৰু প্ৰয়াত লোকনাথ মহন্তই নামঘৰ আৰু লাইব্ৰেৰীৰ মাটিখিনি ঘূৰাই পাবৰ নিমিত্তে ডিব্ৰুগড়ৰ আদালতত গোচৰ তৰিছিল ।  তেতিয়া লখিমপুৰ জিলাৰ সদৰ ঠাই ডিব্ৰুগড় আছিল । ১৯৭২ চনৰ 2 অক্টোবৰ তাৰিখে অসম চৰকাৰে জিলাখন দুভাগ কৰি সুকীয়াকৈ ডিব্ৰুগড় জিলাখন স্বীকৃতি দিয়ে ।  কেইবাবছৰো গোচৰতো চলি অৱশেষত আমীমাংক্ষিত ভাবে ওৰ পৰিল । মাটিখিনি গাঁৱৰ ৰাইজে ঘূৰাই নেপালে । বৃটিছৰ দিনৰ পুৰণি দেৱানী আইনৰ অধীনত অভিযোগকাৰীয়ে ন্যায় পোৱাতো সম্ভৱ নাছিল । স্বাধীনতাৰ পয়সত্তৰ বছৰৰ পিছতো আজিও সেই পুৰণি আইনেৰেই আদালতত  ভুক্তভোগী ৰাইজৰ বিচাৰ চলি আছে । এইবিলাক পুৰণি কলীয়া আইন সংশোধনৰ নিতান্তই প্ৰয়োজন আছে । এই লিখনি লিখাৰ সময়তো উক্ত মাটিখিনি ৰাজহ বিভাগত 'ৰামপুৰ গান্ধীজী পুথিভঁৰাল'ৰ নামতেই পঞ্জীভূক্ত হৈ আছে । অৱশ্যে সময়ৰ লগে লগে দুয়োখিনি ৰাইজৰ মাজত বৰ্তমান কোনো তিতা কেঁহা নাই । 
  আমাৰ বাল্য কালতেই লাইব্ৰেৰীটোত মাহেকীয়া শিশু আলোচনী 'ৰ'দালি' আৰু 'জোনবাই' পঢ়িবলৈ পাইছিলো । আলোচনী দুখনৰ সুন্দৰ সুন্দৰ বেটুপাতবোৰ এতিয়াও আমাৰ মনত জলজল পটপটকৈ জিলিকি আছে । এই দুখন আলোচনীয়ে আমাৰ শিশু মনক বৰকৈ আকর্ষণ কৰিছিল আৰু তেনেদৰে ইয়াৰ ভিতৰৰ লিখনিৰাজিয়ে গভীৰ ভাৱে আমাক ৰেখাপাত কৰিছিল । (আগলৈ)

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)