মুগা শিল্পৰ বিষয়ে (অৰ্থােপাৰ্জ্জনৰ আহিলা)

Rinku Rajowar
0
মুগা পলু ( scientific name Antherea assamensis ) খােলা বা cocoon ৰ পৰা আঁহবােৰ উলিয়াই মুগা সূতা বনায়।
মুগা সূতাৰ ১ কেজিৰ দাম বজাৰত  বৰ্ত্তমান ২০০০০ টকা ।
মুগা পলুৱে প্ৰধামকৈ চােম (Persea  bombycina, Kost.) গছৰ  পাত খায় ভাল পায় আৰু চােম পাত খােৱা  পলুৰ cocoon ৰ পৰা উলিওৱা সূতাৰ মানদন্দ- সোৱালু পাত খােৱা গছৰ পলুতকৈ বেছি ভাল হয়।
মুগা শিল্প অসমৰ মানুহে বহু যুগৰ পৰাই কৰি আহিছে।
মুগাৰ সূতাৰ গুণাগুণ অন্য 
টচৰ পাট, নুনি পাট আৰু এড়ী পাট (চিল্ক) তকৈ বেছি দিন টিকে ।  মুগা কাপােৰ হেনাে ৫ পুৰুষ যায়। 
মাজুলীৰ আউনীআতি সত্ৰত আহােমৰ দিনৰ মুগা সূতাৰ থানৰ কাপােৰ আজিও আছে , আগৰ আহােমৰ ৰজাদিনৰ কাপােৰৰ থান  আছিল। 
মুগাই চােম, সোৱালু গছৰ পাত খোৱাৰ উপৰিও
দীঘলতী ( Litsaea  salicifolia) আদি secondary  আৰু Tertiary গছৰ পাতো  খুৱাব পাৰি ।
অসমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৯৫ শতাংশ উৎপন্ন কৰে আৰু বাকী ৫% উত্তৰ পূৰ্ব্বান্চলৰ আন ঠাই  বিলাকত হয়।
 
ভাৰতবৰ্ষৰ অন্য প্ৰদেশত মুগা নহয় আৰু জাপানে মুগা শিল্প ল'ব নােৱাৰিলে, কাৰণ সেই ঠাইৰ জলবায়ুত এই মুগা পোহা সম্ভৱপৰ নহয় আৰু
কিছুমান ঠাইত এই গছ জীয়াবলৈ অসুবিধা হয় অৰ্থাৎ নহয় ।
অসমৰ প্ৰধানকৈ  ঢকুৱাখানা, ধেমাজি, যােৰহাট , শিৱসাগৰ, কামৰূপ, দৰং,  ডিব্ৰুগড় , গােৱালপাৰা, ধুবুৰী আদি জিলাৰ কিছুমান ঠাইত বেছি উৎপাদন হয়। 
তাৰ বাদেও কোচবিহাৰত ও মুগা উৎপাদন হয় ।
 উত্তৰ পূৰ্ব্বান্চলৰ মুঠ  উৎপাদন ১২০ মেট্ৰিক টন
(approximately) বছৰি হয় । পৃথিৱীৰ North Eastern States য়েই মুগা উৎপাদন কৰে।অন্য ঠাইত নহয় । সোণালী সূতাৰ অসম দেশ আমি গৌৰৱ কৰিব পাৰাে।
আন্তৰাষ্ট্ৰীয় বজাৰত মুগাৰ বহুত demand আছে  ; কিন্তু সেই অনুপাতে উৎপাদন কৰিবলৈ সক্ষম হােৱা নাই , কাৰণ গােলকীয় temperature, humidity  আৰু rainfall
আদিৰ প্ৰভাৱৰ কাৰণে  আৰু পৰিৱেশ প্ৰদুষণে মুগা উৎপাদনত ভাবুকি আনিছে ।
মুগা উৎপাদন কৰি অৰ্থনীতিৰ দিশ উন্নত কৰিব পাৰি আৰু সেইদৰে ঢকুৱাখানা,শিৱসাগৰ,কামৰূপ আদিত 
মুগাক অৰ্থোপাৰ্জ্জনৰ আহিলা হিচাপে লৈ বহু মহিলা, পুৰুষে জীৱিকাৰ পথ  হিচাপে বাচি লৈছে । কাৰণ, মুগাৰ বজাৰ খন ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় বজাৰত বহুত মূল্য আছে ।

লেখিকা : মীনা পামে গাম,
বৈজ্ঞানিক -ডী
কেন্দ্ৰীয় ৰেচম বােৰ্ড, কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)