লেখক,লেখা আৰু লেখনী (ফেচবুকৰ পৰা)

Rinku Rajowar
0
১) লিখ্ আৰু লেখ্ দুটা ভিন্ন ধাতু।
লিখ্ ধাতুৰ অৰ্থ হয় আখৰেৰে প্ৰকাশ কৰ্।

লিখ্ ধাতুৰ পৰা সৃষ্ট ক্ৰিয়া পদবোৰ-
লিখোঁ,লিখে,লিখিলা,লিখিছে,লিখিব,
 লিখিছিলোঁ, ইত্যাদি।
নিত্য বৰ্তমান কালত লিখ্ ধাতুৰ বিভিন্ন ক্ৰিয়া পদবোৰ-

উত্তম পুৰুষ বা প্ৰথম পুৰুষত-
মই লিখোঁ,আমি লিখোঁ।

মধ্যম পুৰুষ বা দ্বিতীয় পুৰুষত-
 তুমি লিখা, তোমালোকে লিখা।
আপুনি লিখে,আপোনালোকে লিখে।
তই লিখ, তহঁতে লিখ।

নাম পুৰুষ বা তৃতীয় পুৰুষত-
সি/তাই/সিহঁতে/তেখেতে/তেখেতসকলে লিখে।

২) 
লেখ্ ধাতুৰ অৰ্থ হয় গণনা কৰ্,হিচাপ কৰ্।
মই লেখোঁ।(I count.) এই বাক্যৰ অৰ্থ মই গণনা কৰোঁ।
গতিকে, 'মই কবিতা লেখোঁ।' এই বাক্যটো ভুল হ'ব। শুদ্ধকৈ লিখিলে হ'ব-
মই কবিতা লিখোঁ।

৩) 
'লেখা' পাচনি ধাতু হ'লে ক্ৰিয়া পদৰ অৰ্থ হ'বগৈ আনৰ হতুৱাই লিখা কাৰ্য কৰোৱা।
মই গল্পটো লেখালোঁ।
অৰ্থাৎ মই গল্পটো কাৰোবাৰ হতুৱাই লিখালোঁ।

'লেখা' বিশেষ্য পদো হ'ব পাৰে। বিশেষ্য পদ হিচাপে 'লেখা'ই লিখিত কাগজ,চিঠি,লিখিত প্ৰৱন্ধ বা আন সাহিত্য কৃতিক বুজায়।
"তেওঁৰ লেখাবোৰ ভাল।"
অৰ্থাৎ তেওঁ যিখিনি লিখে বা ৰচনা কৰে সেইবোৰ ভাল।

'লেখা'ই লিখিত হাতৰ আখৰো বুজায়। যেনে-মোৰ লেখা বৰ লেতেৰা হয়।

৪)
লেখা যি লিখে তেওঁ লেখক। অৰ্থাৎ, লেখকে লেখা লিখে। লেখক বা লিখোঁতা পুংলিঙ্গ। স্ত্ৰী লিংগ লেখিকা বা লিখঁতী বা লেখঁতী।
লেখক আৰু লেখিকা এই দুটা শব্দৰ প্ৰয়োগ বেছি। লেখক বা লেখিকা হ'ল ৰচক,গ্ৰন্থাকাৰ বা মৌলিক ৰচনা কৰা লোক।
৫)
'লিখক'ৰ অৰ্থ যি লিখে(a copyist)। যি লিখে তেওঁ লিখক হয় কিন্তু লেখক নহয়।
লেখকে নিজৰ লেখা লিখে,লিখকে আনৰ লেখা লিখে। লিখকে আনে লিখি থোৱা লেখা চাই চাই লিখে। অৰ্থাৎ লিখক হৈছে লিপিকাৰ। লিখক আৰু লেখকৰ এই পাৰ্থক্য নাজানি বহুতেই লেখকৰ পৰিৱৰ্তে লিখক বুলি লিখে যদিও সেয়া ভুল কৰা হয়।

৬)
'লিখন' বিশেষ্য পদ। লিখা কাৰ্যক বুজায়।যেনে- কপালৰ লিখন নহয় খণ্ডন।

৭)
লিখনী আৰু লেখনী দুয়োটা বিশেষ্য পদৰ অৰ্থ একে। লিখনী বা লেখনীৰ অৰ্থ- কলম,তুলিকা বা লিখা সঁজুলি। কেৱল শৰাইঘাট অভিধানে লেখনী মানে লেখা বুজাব বিচাৰিছে যদিও সেয়া ভুল।কাৰণ,হেমকোষ, চন্দ্ৰকান্ত বা আধুনিক অসমীয়া শব্দকোষ এইকেইখন অভিধানে সেই অৰ্থ দিয়া নাই। বহুতেই আকৌ 'লেখনি' লিখিও ভুল কৰে।

বেজবৰুৱাদেৱৰ লেখনী-প্ৰসূত কথা বিলাক বৰ মনোৰম।
'লেখনী-প্ৰসূত'ৰ অৰ্থ হ'ল কাপ বা কলমৰ পৰা ওলোৱা।
৮)
'লেখোঁতা' কৃদন্ত বিশেষ্য পদ। অৰ্থ গণনা কৰোঁতা,হিচাপ কৰোঁতা। ই লিখোঁতা বা কাকত কৰোঁতাকো বুজায়।

লেখোঁতাই লেখিলে,দেখোঁতাইও দেখিলে।
৯)
বহুলোকে সততে লিখা থকা লিখনি শব্দটো শৰাইঘাট, হেমকোষ, চন্দ্ৰকান্ত আৰু আধুনিক অসমীয়া শব্দকোষ এইকেইখনত নাই। অৰ্থাৎ,'লিখনি' অভিধান বহিৰ্ভূত শব্দ(?)। এই ভুল শব্দটোৰ বহুল প্ৰয়োগত কেতিয়াবা বৰ অস্বস্তি পাওঁ।

🖋️কুমুদ বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)