ৰুণজুন-ধাৰাবাহিক উপন্যাস (খণ্ড-১৭)

Rinku Rajowar
0
পিছদিনা মুনলিমা আহিল ৰুণহঁতৰ ঘৰলৈ । দুয়াে নলে-গলে লগা বান্ধৱী । সংসাৰৰ ব্যস্ততাৰ মাজত থাকি দুয়ােজনীয়ে পাহৰি থাকে ।
:মুন: কি খবৰ চান আৰু মুনৰ ভালনে (?) আৰু ৰিহণ ক'ত আছে আদি বহুত প্ৰশ্ন ।
: ৰুণ :  সকলাে প্ৰশ্নৰ উত্তৰ দিম । আগতে পানী এগিলাচ খাচােন । ইমান দিনৰ মূৰত আহিছ'।
: মুন - ইমান ব'ৰ হৈ থাকঅ
এটা কাম ক'ৰ - অন্জলীহঁতৰ কিটিৰ গ্ৰুপটােত যদি সােমাঅ'  মই তােকাে ল'বলৈ ক'ব পাৰো । মইতাে আছােৱেই ।
: ৰুণ:  তই আছ'  যদি সোমাব পাৰো । ঠিক আছে মােকাে সোমােৱাই দিবি ।
হ'ব, দুই জনীয়ে একেলগে থাকিলে ভালেই লাগিব ।
:মুন :  মােৰো একেই দে । মানুহতাে থকা নথকাৰ একাে পাৰ্থক্যই নাই। দিনতাে ব্যস্ত । আবেলি নাৰ্চিং হােম আৰু ৰাতি ভাগৰ । থাকো আৰু তাৰ মাজতে । ল'ৰাতাে ল'ৰাই-
ডেকা, আমাৰ লগত কথা পাতিবলৈ সিহঁতৰ সময়েই নাই ।
: ৰুণ :  নকবি আৰু এতিয়া আমি লাহে লাহে অকলশৰীয়া হৈ অাহিছাে ।
বেয়াই লাগে ।
 ইতিমধ্যে অমল খুৰাই ভাত টেবুলত দিলেই ।  মুনে ঔ-টেঙাৰে মাছ খাই খুউৱ ভাল পায়, তাকে জানি-শুনি অমল খুৰাই বনাইছে । মুনৰ বৰ ভাল লাগিল । সেইদৰে লাইশাকৰ ভাজিও তাইৰ প্ৰিয়। অমলে ৰুণক বোৱাৰীয়েকৰ দৰে ব্যৱহাৰ কৰে আৰু মুনকাে সমানেই ভাল পায়। বিহুৱে -পূজাই  পান্জাৱী, গামােছা , ধুতি আদিও কিনি দি সন্মান জনায়। ৰুণক বৰ ভাল পায় -তাইৰ ব্যৱহাৰ বৰ ভাল, সেইবাবে ।
মুঠতে দুয়ােজনীয়ে বৰ তৃপ্তিৰে খালে । আৰু হয়তু মনেমিলা বান্ধৱীৰ সতে খোৱাৰ কাৰণে আৰু বেছি ভাল লাগিলব।
ভাত খােৱা শেষৰ আগে আগে অমলে দুটা কাষ্টাৰ্ডৰ বাতি লৈ আহিল ।  আকৌ দুইজনীয়ে খােৱাত লাগিল ।সেই দিনতাে এনেদৰেই গ'ল ।
দুয়ােজনীয়ে ক'ৰবাত ফুৰিবলৈ গ'লে লগধৰি যায় ।
: মুন : মই তােক পাছত খবৰবােৰ জনাম । এতিয়া মই যাও বুলি ভাবিছাে ।
মুনক বিদায় দিয়াৰ পিছৰ তাই  আৰু অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে ।
সন্ধিয়া পাৰ হৈ ৰাতি হ'ল । দুইটা ল'ৰালৈ ফোন লগালে - কাকাে নাপালে ফোনত ।  ৰিহণক  আগে ভাগে ফােন কৰা দিগদাৰেই - ক'ত থাকে , আৰু বেছি ফােনেই নকৰে ।
    মাকলৈ ( ৰুণৰ) ফোন লগাও বুলি ভাবিছিল , কিন্তু,  কাৰো ফােন নাপাই মনতাে বেয়া লগাত - মাকলৈয়াে সেইদিনা ফােন নলগালে ।
টিভিকে চাওবুলি  বেংগলী সৰু -দৈৰ্ঘ্যৰ চিনেমা এখনকে চালে -আৰু কাহিনীতােৱে তাইক ৰেখাপাত কৰিলে ।
      সেই কাহিনীত - গিৰিয়েকে মানুহজনীক বিয়াৰ বাৰ বছৰৰ পিছত এৰি দিলে আৰু  আন এজনীৰ সৈতে  সংসাৰ কৰিছে । ঘৰ -বাৰী ঠিকেই আছিল । সিহঁতৰ এজনী ছােৱালী আছিল - আৰু ছােৱালী জনী বিয়া দিলে । তেতিয়া বেংগলী মানুহগৰাকী অকলশৰীয়া হৈ গ'ল । এনে সময়তে এজন বয়সীয়া মানুহে তাইক বিয়াৰ প্ৰস্তাৱ দিলে ।
বেংগলী মানুহ জনীয়ে  ভাবিলে," মই  একেবাৰে অকলশৰীয়া হৈ গৈছাে । নিসংগতাই মােক খুলি খুলি খাইছে ।  বহুত ভৱাৰ পাছতো তাই সেই প্ৰস্তাৱ নাকচ কৰিলে আৰু কাহিনীও শেষ হ'ল ।
চিনেমাখন  শেষ হোৱাৰ লগে লগে - ৰুণ আচম্বিতে অলপ জিকাৰ খাই উঠিল (এইবুলি , কৰবাত মােৰ
জীৱনৰ লগত কিবা অলপ মিলি গৈছে নেকি বুলি )।
     মনতাে ৰুণৰ বৰ ফিকা ফিকা লাগিল । নীৰৱতাই যেন লাহে লাহে তাইক বেৰি ধৰিব বিছাৰিছে ।  
       ৰাতি আৰু একাে কথাই ভৱা নাছিল ।  অকলশৰে বহুসময় মনে মনে থকাৰ পিছত , কেতিয়ানাে টােপনি গৈছিল তাই গমকে নাপালে ।

--------আগলৈ-------

🖋️মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)