দেৱী পূজা খণ্ড - ০২

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা...
         শিপিনীয়ে গোটেই দিনটো উপবাসে থাকি বাতি কঢ়াৰে পৰা কাপোৰ বৈ সমাপ্ত কৰালৈকে সকলো কাম কৰিব লাগিব | একেলগে তৈয়াৰ কৰা কাপোৰৰ এখন লা ৰঙৰ আৰু আনখন হাতেকটা কপাহী সূতাৰ শুভ্র ৰঙৰ | তেনে কাপোৰ হলেহে পূজা কৰিব পায় | চ'ত ব'হাগ বা জেঠ মাহৰ খৰাং বতৰত এই পূজা কৰা হয় | পূৰ্ব্বাপৰ ৰীতি অনুসৰি চলি অহা এই পূজাৰ আন এটি বিশেষত্ব এই যে অত্যন্ত খৰাং বতৰতো এই পূজা কৰা পিছত ধাৰাষাৰ বৰষুণ দিয়ে | 
      ভগৱতী পূজা চুলাঘটত কৰা হয় | কোনো মূৰ্ত্তি নাথাকে | থাপনাৰ সন্মুখত আগলতি কলপাত পাৰি দেৱীৰ নামত এযোৰ শুকুলা পাৰ চৰাই আগবঢ়োৱা হয় | ৰাইজক অপাই অমংগলৰ পৰা ৰক্ষা কৰিবলৈ দেৱীক অৰ্চনা কৰি পাৰযোৰ এৰি দিয়া হয় | পাৰযোৰ উৰিব পৰা হ'ব লাগে যাতে থানৰ পৰা এৰি দিয়াৰ পিছত ৰাইজৰ ঘৰত গৈ পৰিব পাৰে | মানুহৰ ঘৰত গৈ পৰাটো শুভ লক্ষণ | পূজাত কোনো বলি বিধান নহয় | জহা চাউলৰ ভোগ ৰান্ধি তাত গাখীৰ , ঘি, মৌ, মিঠাই প্রভৃতি দি ভগৱতীৰ ওচৰত আগবঢ়াই পূজা কৰে | ৰাইজৰ নিৰ্বাচিত দেউৰীয়ে পূজা পৰিচালনা কৰে আৰু আৰ্শীবাদ দিয়ে | পূজাত ৰাজহুৱা ভাবে পাৰ আগবঢ়োৱা হয় | বহুতো লোকে ব্যক্তিগত ভাবেও পূজাত আগবঢ়াবলৈ পাৰ আৰু পূজাৰ অন্যান্য সামগ্রী নিয়ে | পূজালৈ যোৱা মানুহে ৰঙা,ক'লা কাপোৰ পৰিধান কৰা নিষেধ | 
     জনবিশ্বাস অনুসৰি ঢল বা বানপানী সম্পৰ্কত মঙ্গল চোৱা এটি প্রথা আছে | পূজাৰ দিনা মঙ্গল চোৱাৰ বাবে চাউলৰ পিঠাগ্ৰি খুন্দি এদোন বা ততোধিক পিঠাগুৰি পূজাৰ স্থানলৈ নিয়া হয় | সেই পিঠাগুৰিৰে পাৰ বান্ধি এটি সৰু পুখুৰী নিৰ্মান কৰা হয় | ৰাইজৰ মানুহে নিয়া একলহ পানী দেউৰীয়ে পুখুৰীত ঢালি দিয়ে | পুখুৰীত পানী পূৰ্ণ হলে কোনো ফালে পাৰ ভাঙি খহাই দিয়ে | উত্তৰ আৰু পশ্চিম ফালে ভীঙিলে ঢল আৰু দক্ষিণ আৰু পূব ফালে ভাঙিলে বানপানী হয় বুলি সেই ঠাইৰ মানুহে আজিলৈ বিশ্বাস কৰি আহিছে |   আগলৈ......
   
 📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)