দিব পৰা যদি

©Admin
0
সুলভ মূল্যত 
এখন হৃদয় নিবিচাৰোঁ
আবদ্ধ হবলৈ আবেষ্টনীয় কক্ষত
য'ত
বগা দিনবোৰতকৈ
ক'লা ৰাতিবোৰৰ চাহিদা বেছি
মোটা অংকৰ 
প্ৰতিশ্ৰুতিও নালাগে
মগজুৰ ওজন বাঢ়ি যাবলৈ
দিব পাৰা যদি....!
বিশ্বাসৰ এখন
মুকলি পথাৰ দিয়া
তাতেই তোমাৰ সেউজীয়া মৰমেৰে
বাঁহৰ সাজিম    
আৰু
বোকা পানীৰে
তোমাৰ হৃদয়খন
সজীৱ কৰি তুলিম ।।

📝ববিতা শইকীয়া
দেৰগাঁও। গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)