ৰক্ত গংগাৰ পাৰত মোৰ শৈশৱ (৩য় খণ্ড)

©Admin
0
আমাৰ গাঁৱৰ পূৱ ফালে ৰঙানদীৰ মাথাউৰিত লাগি থকা গাওঁ খন উজনি খামতি মিৰি গাঁও । এই গাঁৱৰ সমস্ত ল'ৰা-ছোৱালী আমাৰ গাওঁৰ ৰামপুৰ এম ভি আৰু ৰামপুৰ হাই স্কুলত পঢ়িবলৈ আহিছিল । পুহ মাহত ধান চপাই শেষ হ'লে আমাৰ গাঁওৰ সকলোৱে গৰু বিলাক মুকলি কৰি দিছিল । গৰুবোৰ ৰঙানদীৰ পাৰত ঘাঁহ খাবলৈ গুছি গৈছিল । আবেলি হ'লে আমাৰ গাঁৱৰ প্ৰতি ঘৰৰ ল'ৰাবিলাক একগোট হৈ গৰু বিচাৰি আনিবলৈ খ্ৰীষ্টান গাঁও আৰু উজনি খামতি গাঁৱলৈ গৈছিলো । এই খ্ৰীষ্টান গাঁওখনত ঠায়ে ঠায়ে সৰু-সুৰা জংঘল আছিল । খাদ্যৰ বাবে ধানখেতি আৰু বসবাসৰ বাবে জংঘলৰ আলম লৈ ইয়াত প্ৰচুৰ বান্দৰ আছিল । আমি গৰু বিচাৰি আনিবলৈ যাওঁতে এই বান্দৰ বিলাকে প্ৰথমে আমাক বৰ আমনি কৰিছিল ।  সিহঁতৰ উৎপাত ঠাণ্ডা কৰিবলৈ আমি হাতত কেটেপা লৈ সিহঁতৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলো । সেয়ে পিছলৈ সিহঁতে আমাক আমনি নকৰা হ'ল । আমাৰ ল'ৰা জাকক দেখিলেই সিহঁতৰ মাজত চিঞৰ-বাখৰ আৰম্ভ হৈছিল আৰু হাবিৰ মাজলৈ পলায়ন কৰিছিল । এই যে ৰঙানদীৰ গাতে লাগি থকা উজনি খামতি মিৰি গাঁও- তাত সৰু থাকোঁতে আমি নাম নজনা এজন অচিন বাঁহী বাদক আছিল । যেনেকৈ আদিবাসীৰ ঘৰৰ পৰা মাজনিশা মাদলৰ সুৰ শুনিছিলো সেইদৰে মাজ ৰাতি মাথাউৰিত বহি কোনো এক মিচিং  পাহুৱাল ডেকাই কোনোবা কনেঙৰ হৃদয়ত প্ৰেমৰ জোৱাৰ তুলিবলৈ বাঁহীত ঐনিতম সুৰ ঢালিছিল ।  সেই মূৰ্ছনা গভীৰ নিশাৰ মখমলীয়া বতাহৰ ভাঁজে ভাঁজে ৰিণিকি ৰিণিকি মোৰ কৰ্ণকুহৰত খুন্দা মাৰিছিল । মোৰ বাবেও উজাগৰী সময়বোৰ মাতাল হৈ পৰিছিল । এটা কবিতাৰে মানস পটত ভাঁহি উঠা সেই সময়ৰ চিত্ৰটো তুলি ধৰিবলৈ চেষ্টা কৰিছো-

মাজনিশাৰ শেতেলীত
মোৰ উজাগৰী সময় ।

নৈপৰীয়া কোনো
পাহুৱাল ডেকাৰ 
মাতাল বাঁহীত
ঐনিতমৰ সুৰ ।

হয়তো কোনোবা 
অচিন গাভৰুৰ
তাঁতশালত দ্ৰুপতিৰ 
ধ্ৰুপদী নাচোন ।
এন্ধাৰ ফালি ফালি 
মেখেলাত  বাচিছে
সৰিয়হ ফুলৰ আল্পনা ।

বাঁহী আৰু তাঁতশালত
দুয়োৰে বাসন্তী সপোন একাকাৰ ।

ৰেচমী বতাহৰ ভাঁজে ভাঁজে
ৰিণিকি ৰিণিকি
মোৰ  কৰ্ণকুহৰত ।

 মিচিং ডেকাৰ হাতৰ বুলনিত বাহীঁটো মাতাল হৈ পৰিছিল । 
আটাইতকৈ আচৰিত কথাটো হ'ল মোৰ লগত একেখন বিচনাতে শুইছিল মোৰ দাদা ভাইতা (নলিন) । মোৰ উজাগৰী সময়বোৰত মাজে মাজে সিও সাৰ পাই থাকে । তাক কেতিয়াবা সুধিছিলোঁ- 'তই দূৰৈৰ পৰা ৰিণিকি ৰিণিকি অহা চাহ বাগানৰ মাদলৰ চেও অথবা নৈৰ পাৰৰ বাঁহীৰ সুৰটো শুনিছনে ?' কিন্তু তাৰ উত্তৰ আছিল -'নাই শুনা ।' হয়তো মই অতি ভাগ্যবান । হয়তো মোৰ হৃদয় অথবা কান দুখন আছিল অতি সংবেদনশীল । যি সেই মাজ নিশা কেতেকীয়ে মতাৰ সময়ত দূৰৈৰ পৰা বতাহৰ ভাঁজে ভাঁজে ৰিণিকি ৰিণিকি অহা মাদলৰ চেও অথবা  বাঁহীৰ সুৰ শুনিব পাৰিছে তেওঁৰ লগত ভগৱান থাকে বুলি প্ৰবুদ্ধ লোকে কোৱা শুনিছো ।  সেয়ে হয়তো অতি বিপদ কালতো আচৰিত ধৰণে অলৌকিক ভাবে ৰক্ষা পৰি আহিছো । এই দুই সুৰৰ মাদকতা মোৰ বাবে আছিল অতি নান্দনিক আৰু সৰগীয় । যি এই মাজ নিশাৰ মাতাল সুৰ কেতিয়াও শুনা নাই তেওঁ ইয়াৰ মাদকতা অনুভৱ কৰিব নোৱাৰিব ।
(আগলৈ)

📝সৌৰভ  কুমাৰ বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)