সৰু সৰু ব্যৱসায় আৰু অৰ্থােপাৰ্জ্জনৰ

Rinku Rajowar
0
সৰু সৰু ব্যৱসায় আৰু অৰ্থােপাৰ্জ্জনৰ
এটা চিন্তা আৰু যুৱ সমাজলৈ একলম বতৰা :

     সমগ্ৰ ভাৰততে কৰোনা সংক্ৰমণ হোৱাৰ পাছতে ২৫ মাৰ্চৰ দিনা লক ডাউন ঘোষণা কৰাৰ পাছত শ্ৰমিক সকলৰ যি দুৰ্দ্দশা হৈছিল সেয়া সকলোৰে অৱগত ।
সেই শ্ৰমিক সকল আজি কিছুদিন পূৰ্ব্বে ঘূৰি আহিলে । এতিয়া এই হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱন কেনেকৈ গৈছে তাৰ কিমান হিচাপ আছে কোনে ক'ব পাৰিব ।
⚫কথা হ'ল -নিজৰ ঠাইতে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিলেও কৰোনাৰ সময়ত প্ৰমাণ কৰিলে যে - গেলামালৰ দোকানৰ বাদে কোনো ব্যৱসায়েই  চলা নাছিল ।
⚫পাছলিৰ দোকান, অন্যান্য , হোটেল, ৰেষ্টুৰা,
কাপোৰৰ দোকান, হাৰ্ডৱেৰৰ দোকান বা তামোল পানৰ দোকান আদিৰ দৰে বহুতো দোকান ( তেনে ব্যৱসায়) বােৰৰ পৰা জীৱনতো চলিবলৈ উপাৰ্জ্জন কৰিব নোৱাৰা হৈ পৰিল ।
⚫যেতিয়া দেশৰ অৱস্থা স্বাভাৱিক ৰূপত থাকে তেতিয়া যি কোনো ব্যৱসায়েই চলে আৰু তাৰপৰাই উপাৰ্জ্জনৰ পথ প্ৰশস্ত হয় ।
⚫আজিকালি অকল কৰোণাই নহয় -বহু কাৰণত দেশ মাজে মাজে অচল হোৱা পৰিলক্ষিত হৈছ - সেই সময়ত সেই শ্ৰমিক শ্ৰেণীৰ অৱস্থা সকলোতকৈ দুখলগা হয় ।
সেয়ে সেই শ্ৰমিক শ্ৰেণীয়েও কি ধৰণৰ কাম কৰিলে -দুই এপইচা হলেও কিছু সাঁচি ৰাখিব পাৰে তাৰ কথা  কথা ভাৱিব লাগিব । নহলে গোটেই জীৱনত তেনেকুৱা সমস্যাৰ মুখামুখি প্ৰায়েই হ'ব লাগিব ।
⚫এতিয়া আমাৰ জলন্ত সমস্যা হৈছে বহিৰাজ্যৰ পৰা অহা  কৰ্মচাৰী সকল যি সকলে আৰু ঘূৰি নোযোৱাৰ পৰিকল্পনা লৈছে ,
তেওঁলোকে  অন্য বিভিন্ন কামত নিজকে নিয়ােজিত কৰিব লাগিব । বৰ্ত্তমান নিবনুৱা সমস্যাই যি গা কৰি উঠিছে সেইবােৰ দেখি ভাৱ হৈছে উচ্চশিক্ষিত বা কম শিক্ষিতই হওঁক যি কাম হাতত লয় ভাৱি চিন্তি লৱ লাগিব।
কিছুমান ব্যৱসায়ত বা খেতি আদি কৰিলেও মাধমাৰ খাব লগীয়াত পৰে । 
আমাৰ ভৱিষ্যত প্ৰজন্মৰ কিমান জনে চৰকাৰী চাকৰি পাব (?) , যোগ্যতা থকা জনেহে যোগ্যতা অনুসাৰে চাকৰি পাব ।
শাক-পাচলিৰ খেতিত দেখা যায় - কেতিয়াবা খেতিয়কে বিঘাই - বিঘাই  কবি, ফুলকবি, বিলাহী আদিৰ খেতি কৰে, কিন্তু উচিত দৰ নাপায় ফলত লোকচান হয় । তেনে খেতিত কেতিয়াবা বতৰ আৰু বজাৰ ভালে থাকিলে অধিক ধনলাভৰ আশা কৰিব পাৰে  - যদিহে
বতৰ আৰু বজাৰৰ ৰূপ সুচল নহয়, তেতিয়াই কৃষকৰ বহুত লোকচান হয় ।
⚫সেয়ে আমি ব্যৱসায় ভিত্তিত এনে কিছুমান খেতি কৰিব লাগে যি বােৰ কিছুমাহলৈ সাঁচি ৰাখিব পাৰি, যেনে :: ধান, মাহ, সৰিয়হ, আদা, নহৰু, কোমোৰা, ৰঙালাও , জালুক, বগা সৰিয়াহ, জনী, জিৰা, ধনীয়া, হালধি, তিলৰ খেতি, দাইল ইত্যাদি ইত্যাদি...
⚫অন্যান্য খাদ্যবস্তুৰ পেকেটিং যেনে ::
শুকুৱা তিতাফুল , ভালকৈ শুকুৱা চাউলৰ গুৰিৰ পেকেট, শুকুৱা বৰা চাউল গুৰিৰ  পেকেট, হালধিৰ পেকেট, লাউ পাতলকৈ কাতি ৰ'দত শুকাই পেকেট কৰা, বাহ গাজ শুকাই লৈ পেকেট   কৰা, শুকান মাছৰ পেকেটিং , ৰঙালাও পাতলকৈ কাটি ৰদত শুকুৱাই পেকেটিং, কবি পাত শুকাই লৈ পেকেট, মানিমুনি আদি ঔষধি শাক শুকুৱাই পেকেটিং, চিপচৰ পেকেটিং বিভিন্ন খাদ্যবস্তুবােৰ চহৰৰ- নগৰৰ মানুহ কিনাত আগ্ৰহী হয়, তেনে ব্যৱসায় কৰিলে  লোকচান ভৰাৰ থল কম থাকে আৰু এমাহ -দুমাহলৈ ব্যৱসায় স্থগিত থাকিলেওঁ বস্তুবােৰ নষ্ট হৈ নাযায় ।( আপোনাৰ বস্তুৰ এটা নাম দি ল'ৱ পাৰে আৰু সেই ব্ৰেণ্ড ভাল হলে মানুহে তাকেই বিছাৰিব )
⚫আজিকালি অকল এটা ব্যৱসায়েৰে চলিব পাৰিম বুলি আশা কৰা টান হৈ পৰিছে ।
আমি বিভিন্ন ধৰণে ধন অৰ্জা কথা ভাৱিব লাগিব ।
⚫মিছিং মানুহ চহৰমুখী হল । আপং খোৱাটাে আমাৰ পৰম্পৰা আৰু চহৰৰ মানুহে আপং কুচেৰে বিছাৰি ফুৰে । এই আপং বনোৱা কুছেৰেবােৰ (আপং বনোৱা ঔষধ) গছ-পাতবােৰ শুকুৱাই পেকেট কৰি বিক্ৰী কৰিব পাৰে ।
তাৰোপৰি আপং প্ৰস্তুত কৰা গছবােৰ সংগ্ৰহ কৰি নাৰ্চাৰী খুলিব পাৰে - "এপপ নাৰ্চাৰী" , ভাৱো কিনা মানুহৰ অভাৱ নহব ।
 (আপগ বা মদ বনাবলৈ  কিছুমান গছৰ পাত ঔষধ হিচাপে ব্যৱহাৰ কৰে আৰু সেই ঔষধক " এপপ" বুলি কয় আৰু কুছেৰে মানে ঔষধ ।)

⚫মাছৰ খেতিৰ পৰাও অৰ্থ উপাৰ্জন কৰিবলৈ শিকক ---

মাছ পুহি আৰু বিভিন্ন জাতৰ মাছৰ পোনা উৎপাদন এটা ভাল ব্যৱসায় । মাছৰ পোনাৰ চাহিদা বহুত আছে । মাছ পুহি ডাঙৰ হোৱালৈ বহুত মাহ বাট চাব লগীয়া হয় ।
কিন্তু মাছৰ পোনাৰ বাবে সিমান খাদ্য যোগান ধৰিব লগীয়া নহয় , কম সময়ত কম খৰচতে এই ব্যৱসায় কৰিব পাৰি ।
⚫মুগা মানেই অসম - অসম মানেই মুগা ::
পৃথিৱীত মুগাৰ বহুত চাহিদা আছে । আমাৰ মিছিং মহিলা সকল বোৱা কটাত পাৰ্গত ।  মুগা সূতা কটা কামতো এটা ভাল ব্যৱসায় ।
অসমৰ  Silkworm Seed Production Centre, Kaliabari, Boko, Kamrup ( ফোন :: ৯৪৩৫০-৮৫১৫৩) অত কটা মুগা খোলা কিনিবলৈ পায় তাৰ পৰা খোলাবােৰ কিনি ( দাম কম - ১ কেজিৰ দাম ৬৫০ টকাৰ ভিতৰত ) মুগাৰ শালত বানিৰ সূতা হিচাবে ব্যৱহাৰ কৰিব পাৰি । নাইবা এৰী সূতাৰ কাপোৰত বানি হিচাবে ব্যৱহাৰ কৰিলেও ধুনীয়া কাপোৰ হয় ।
সেইদৰে মুগা সূতা কিনি নিজে কাপোৰ বব পাৰিলে অধিক লাভৱান হ'ব ।
⚫১ কেজি ভাল মুগা খোলাৰ পৰা কটা সূতাৰ দাম ১৮০০০ - ২৫০০০ টকা আৰু তাৰ পৰা তিনিযোৰ কাপোৰ বব পাৰি । প্ৰতিযোৰ কাপোৰৰ দাম আজিৰ বজাৰ মূল্যত ৩০০০০ - ৩৫০০০ টকা পাইছেগৈ ।
সেইদৰে এৰী সূতা কাটিবৰ বাবে এৰী খোলা Eri Silkworm Seed Production centre,Bongara, Azara, Kamrup (ফোন ন.- ৭৬০২৬-১৩৪৭৬) কিনিবলৈ পোৱা যায়  বছৰি দুটা চিজনত বেচি উৎপাদন হয় । এৰী সূতা কটা মেচিনত কাটিলে সেই সূতা অধিক মসৃণ আৰু ধুনীয়া হয় । তেনে এৰী সূতাৰ কাপোৰ ব'লে  এযোৰ কাপোৰতে ৬৫০০ - ৭৫০০ টকা দৰত বিক্ৰী কৰিব পাৰিব ।
⚫গামোছা ব্যৱসায় :: গামোচা বৈ অসমৰ গামোচাৰ অভাৱ পূৰণ কৰাৰ লগতে  নিজৰ উপাৰ্জ্জনৰ আহিলা হিচাপে ল'ৱ পাৰি । বহি ৰাজ্যৰ পৰা কিয় অসমে গামোচা ক্ৰয় কৰিব লাগে ।
⚫নুনি পলু পোহা ব্যৱসায় ::
প্ৰতিখন জিলাতেই ৰেচম বিভাগৰ কাৰ্য্যালয় আছে তাৰ পৰা সবিশেষ জানিব পাৰিব । তেনেদৰে নুনি পলু পুহিবৰ বাবে উন্নত জাঁতৰ নুনি গছৰ ডাল - Mogaldoi ৰ ৰেচম বিভাগৰ লগত যোগাযোগ কৰিব পাৰে । যোগাযোগৰ নম্বৰ কিছুমান দিলাে :
1. ৮৭২৩০ ১৭০১৪ - B. Basumatary
2. যোগেশ দেউৰী, Director, sericulture, Udalguri
যিহেতু , আমাৰ থলুৱা বজাৰত নুনি কাপোৰৰ আদৰ কমা নাই - সেয়েহে নুনি পুহি কাপোৰ বলে বেছি উপকৃত হ'ব পাৰিব ।  ‍২৫ জনী চকৰীৰ কণী পুহিলে এযোৰ কাপোৰ  ব'ব পাৰি ( হিচাপ টো দিলো) । এযোৰ কাপোৰৰ মূল্য ৪০০০ -৫০০০ টকা পাইছেগৈ । আপুনি কিমান কৰে আপোনাৰ কথা । বিজ্ঞান সন্মতভাৱে পুহিলে বেছি লাভৱান হ'ৱ ॥
⚫দ্ৰেচ প্ৰস্তুত বা চিলাই কৰা   প্ৰশিক্ষণ ল'ব পাৰে -  এযোৰ চুট / এখন ব্লাউজৰ চিলাইৰ মূল্য বৰ্তমান ২৫০০/১৫০ - ৩০০ টকা । সেইকামবােৰ শিকি নিজে চিলাইৰ দোকান খুলি ল'ৱ পাৰে । সেইদৰে এটা লংপেণ্টৰ চিলাইৰ দাম কমেও ২০০ - ২৫০ টকা বা বেছিও হ'ব পাৰে ।
⚫ধান খেতিৰ ব্যৱসায় ভিত্তিৰ বাবে পদক্ষেপ ➖
আমি চাব লাগিব যি বােৰ ধানৰ দাম ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় বজাৰত চাহিদা বেছি তেনেবােৰ ধানৰ সচঁ ব্যৱহাৰ কৰিলে লাভজনক হ'ব । জহা, বৰা, মণিপুৰী জহা, আদিৰ নিচিনা সুস্বাদু ধানৰ চাহিদা আছে । তেনেখেতি পৰিকল্পিতভাৱে কৰিলে  অৰ্থোপাৰ্জ্জনৰ নিশ্চয় বাট প্ৰশস্ত হ'ব ।
( কৃষি সম্পৰ্কীয় কথাবােৰ বিভাগীয় কাৰ্য্যালয় অথৱা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট অসমত খবৰ কৰিলে উন্নত জাঁতৰ সঁচৰ কথা জানিব পাৰিব । বৰ্তমান বহুত উন্নত জাঁতৰ ধান, মাহ ........আদি ওলাইছে ) ।

উপসংহাৰ :: ইয়াৰ বাহিৰেও বহুত ব্যৱসায় আছে , সকলোৱে নিজা নিজা উপলব্ধিৰে বেলেগ বেলেগ কাম হাতত ল'ৱ পাৰে । মই কেইটা মান উদাহৰণ দাঙি ধৰিলো ।
শেষত এই কথা উপলব্ধি কৰো যে, যি বােৰ ব্যৱসায় তেনেই ক্ষণস্থায়ী বা বিশেষ অৱস্থা বা পৰিৱেশত তাৰ কোনো মূল্য নোহোৱা হৈ যায় তেনে ব্যৱসায় বিচাৰ - বিবেচনা কৰি লোৱাতো খুৱেই জৰুৰী বুলি ভাৱো ।
🙏🙏🙏🙏ধন্যবাদ কোনেও যেন দায় -দোষ নধৰে  ॥॥॥॥

(প্ৰৱন্ধকাৰ :: মীনা পামে গাম )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)