ভাগ্য

©Admin
0
কোনেনো জানিছিল সাত বছৰ ভেন্সাৰ স্কুলত গেবাৰি খাটি, এসময়ত অধৈৰ্য্য হৈ জনপ্ৰিয় বিজ্ঞান শিক্ষক পৰাগ ফুকনে স্কুলখন এৰাৰ এমাহ পিছতেই ভাগ্যদেৱীয়ে তেওঁৰ ভাগ্যৰ এনে নাটকীয় পৰিৱৰ্তন আনিব বুলি। প্ৰধান শিক্ষকজনে এটা অপৰিপক্ক আৰু নিৰ্মম সিদ্ধান্ত লোৱা দহ বছৰেই হ'বৰ হ'ল। জ্ঞানৰ জ্যোতিৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উজ্বল কৰিব পৰা উদ্যমী শিক্ষকজনৰ জীৱনলৈ সংগোপনে আন্ধাৰ নামি আহিল। দীঘল চুলি, দাঢ়িয়ে-গুফে, ফটা-ছিঙা লেতেৰা কাপোৰেৰে কুৎসিত পৰাগৰ ঠিকনা এতিয়া ওচৰৰে সৰু চহৰখনৰ পদ পথ।

📝টোলন তছা
জখলাবন্ধা,নগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)