এজাক বৰষুণৰ অপেক্ষাত -০৫

Rinku Rajowar
0
______একো নাইকোৱা।মুখ খন ফুলাই ৰৈ আছো।
প্ৰান্তিক______ কি হ'ল খং উঠিছে?
______ হম্ উঠিছে। বহুত।
প্ৰান্তিক______বেচেৰি।sorry কান্দুৰি 
______ আকৌ কৈছে। হ'ব এতিয়া মই ফোন ৰাখিছো।
প্ৰান্তিক______ওম ঠিক আছে।
______ hmm
প্ৰান্তিক______আৰু শুনা
_____কওঁক
প্ৰান্তিক______ঠাণ্ডা নল'বা, গৰম পানী খাবা।
_____hm ঠিক আছে।
কি এইবোৰ? মোৰ প্ৰতি যত্ন,, মৰম নে অন্য কিবা। হে প্ৰভু কি কৰিছা তুমি এইবোৰ? বুকু খন এতিয়াও ধকধক কৰি আছে।কি হৈছে নিজেও ধৰিব পৰা নাই।
আকৌ এটা মেচেজ আহিছে তেওঁৰ পৰা_____oii পোৱালি sorry মই ধেমালি কৰিছো। 
ভাল লাগিছে বহুত। হয়তো মই বুজাব পৰা নাই।
Reply নকৰিলো মেচেজটোৰ।
পাছদিনা কলেজলৈ গৈছো। বৰ্ষাও আহিছে আজি দুই জনীযে কিবা কিবি পাতি আছো
_______আজি অফ ক্লাছত বাহিৰলৈ নাযাওঁ দেই,, প্ৰান্তিক দাই জোকাব আৰু তই মোৰ ফোন নম্বৰ টো প্ৰান্তিকদাক দিছিলি?
বৰ্ষা________ ওম সেইদিনা কলেজতে দিছিলো।
________তইটো মোক সুধি ল'ব পাৰ"
বৰ্ষা______হ'ব তই বেয়া নাপাৱ বুলি মই জানো আৰু এতিয়াও তই বেয়া পোৱা নাই সেইটোও জানো মই।
_______ হ'ব,,, এইজনী হাঁহি উঠি গৈছে।
এনেকৈয়ে তিনিটা ক্লাছ পাৰ হ'ল আৰু এতিয়া অফ্। বেগটোতে মূৰটো থৈ শুই দিছো অকণমান।বৰ্ষাই বেলেগ কাৰোবাৰ লগত কথা পাতি আছে।
_________hey মিচ্ কান্দুৰি।
ইফালে সিফালে চালো দেখিলো প্ৰান্তিক দা লগত তেওঁৰ best friend স্বাগতদা। স্বাগত দাৰ লগতো  প্ৰান্তিক দাক লগ পাওঁতেই  চিনাকি হোৱা। বহুত ভাল, একেবাৰে শান্ত কৈ থাকে তেওঁ।
_______ কি কান্দুৰি?ঘোপাকৈ চালো।
প্ৰান্তিক_________ তোমাৰ নাম মানে কান্দুৰি?
_______নহয়। 
প্ৰান্তিক________তেতিয়াহ'লে কান্দুৰি বুলি কওঁতে কিয় উঠি চালা।
_______হূহ,,,
প্ৰান্তিক________বাহিৰলৈ নাহা নেকি আজি?
_______আপুনি জুকাবলৈ।
প্ৰান্তিক________আহা।
_______নাযাওঁ।
প্ৰান্তিক_______ নাহিলে আৰু মই সৱকে .......
_______হ'ব হ'ব গৈছো। বেছি অলপ।_______বৰ্ষা ব'ল বাহিৰলৈ।
দুই জনী চেকেণ্ড ফ্লৰ লৈ গ'লো। আমি দুই জনী আগত পালোহি। তেতিয়ালৈকে তেওঁলোক আহি পোৱাহি নাই।
বৰ্ষা_______অই ৰ'চোন অলপ। মোৰ লগত এজনীৰ ওচৰত কাম এটা আছে। আহি আছো।
________ ওম যা,,
বেলকনিত হাতখন ভেজা দি ৰৈ আছো।বতৰটো ক'লা হৈ আহিছে সম্ভৱ বৰষুণ দিব।ফিৰফিৰিয়া বতাহ এজাক মাৰিছে। ভাল লাগে গৈছে একদম।
প্ৰান্তিক______পোৱালি!
______কাণৰ ওচৰতে ফুচ-ফুচাই ক'লেহি।চক্ খাই গ'লো।প্ৰান্তিক_______ভয় খালা ?
______নাই খোৱা।
প্ৰান্তিক________ ফাকি দিব নালাগে মই ধৰিব পাৰিছো।
_______কেনেকৈ?
প্ৰান্তিক________তেনেকৈ । পিছে বাহিৰলৈ নাহো কৈছিলা নহয়।
______বাহিৰলৈ নহা হলে আপুনিতো সকলোৰে আগত কৈ দিলে হেতেন মই কান্দুৰি বুলি।
প্ৰান্তিক______অ"মোৰ পোৱালি জনী।
________কি কলে? চিকুটি দিলো।
প্ৰান্তিক_______দুখ পাইছো। চোৱা ৰঙা হৈ গ'ল।
______ অহ! শেষ মই এইবোৰ কি কৰিলো। হাত খন আঁতৰাই দিলো। বেয়া লাগি গ'ল।
_______সঁচাকৈ দুখ পালে নেকি? Sorry। (চকুপানী ওলাই গ'ল)
প্ৰান্তিক_______ নাই পোৱা অ দুখ। এনেই ক'লো তোমাক। কান্দিছা কিয় আকৌ? Sorry। ধেমালি কৰিছিলো মই। তোমাৰ সেই পোৱালি হাত খনে দুখ পাম নে কি মই।
_______হ'ব sorry ক'ব নালাগে আপুনি।
প্ৰান্তিক_______ ওমম! নাকান্দিবা তুমি।
_________ ৰৈ আছো একো কোৱা নাই মই। তেওঁ মনে মনে আছে। বতাহ জাক বলিয়ে আছে। বতাহে মোৰ চুলি বোৰ নি তেওঁৰ গালে মুখে পেলাইছে। কোনোবা এপাকত তেওঁলৈ চাওঁতে দেখি চুলি কোচা বান্ধি ললো। তেনেতে বৰ্ষা আহিল।
বৰ্ষা_______ hi প্ৰান্তিক দা!
প্ৰান্তিক_______hii
বৰ্ষা_______ তুমি বোলে বেচেৰী জনীক বৰকৈ জোকাই আছা। আজি সেইটো কাৰণে তাই বাহিৰলৈ নাযাওঁ বুলিয়ে কৈছিল।
_______তেওঁ লাহেকৈ হাঁহি দিলে।
বৰ্ষা_______bdw স্বাগত দা ক'ত গ'ল
________ তই যে আজিকালি স্বাগত দাৰ কথা বৰকৈ কৈ থাক' কাৰণটো কি? (তাইক জোকাবলৈ মন গ'ল অলপ)
বৰ্ষা______নাই এনেই।(লাজ কৰিছে তাই মই ধৰিব পাৰিছো)
প্ৰান্তিক______ অ" জীও কিবা এটা হৈছে নিশ্চয়। এতিয়া তাই লাজ কৰিছে চোৱা।
________ ওম! কি কি? কি ক'লে আপুনি এতিয়া।
প্ৰান্তিক_______ ক'ত মইটো একো কোৱা নাই। 
________যেনেকৈ উত্তৰ টো দিছে যেনিবা আপুনি একোৱেই নাজানে। মোৰ নাম জীউ বুলি আপুনি কেনেকৈ জানিলে?
প্ৰান্তিক________ ইমান কিয় প্ৰশ্ন কৰি থাকা তুমি? নকওঁ
_______oh গম পালো। সেইদিনা মায়ে .........
_______ huh ।। এতিয়া পাৰিলে সেইটো নাম দিও মোক জোকাব।
প্ৰান্তিক_______হাঃ হাঃ....
______হাঁহিবলৈ আহিছে।
পতককৈ সময়তো চালো next class হ'বই হ'ল।
_______ বৰ্ষা ব'ল,যাওঁ।
মুখ খন ফুলাই তেওঁ লৈ চাই ক'লো 
______যাওঁ....
প্ৰান্তিক______ হমম,,,, যোৱা পোৱালি।
______উফফফ্.......

আগলৈ......

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)