দত্ত আৰু হাজৰিকা (ৰম্য ৰচনা)

Rinku Rajowar
0
দত্ত আৰু হাজৰিকা একেখন ঠাইৰে দুঘৰ সম্ভ্ৰান্ত আৰু ধনবান মানুহ । পিছে বাহিৰত কোনেও একো প্ৰকাশ নকৰিলেও মনে মনে ইঘৰে সিঘৰক ঈৰ্ষা নকৰা নহয় ! সেয়ে হয়তো ইঘৰে সিঘৰৰ মৰ্যদা নিজতকৈ অলপ তলত ৰাখিব পাৰিলে তৃপ্তি লাভ কৰে । তাৰ বাবে দুয়ো ঘৰে সততে প্ৰচেষ্টা চলাই থাকে । মুঠতে বাহিৰৰ মানুহে ভিতৰৰ কথা ভালকৈ নজনা দুয়ো ঘৰৰ এখন গোপন আৰু অঘোষিত শীতল যুদ্ধ ।
     ইফালে  দত্ত আৰু হাজৰিকাৰ অজ্ঞতে হাজৰিকাৰ সৰু লৰা আৰু দত্তৰ সৰু জীয়েকৰ প্ৰেম । কথাটো জনাজনি হোৱাত হাজৰিকাই পুতেকক আৰু দত্তই জীয়েকক অৱশ্যে অলপ শাসন নকৰাও নহয় । কিন্তু মনে মনে হাজৰিকাইও ভাৱে দত্তৰ জীয়েকক বোৱাৰী হিচাপে পালে বেয়া নহয় । আনফালে  দত্তয়ো ভাৱে জীয়েকক হাজৰিকাৰ ঘৰলৈ দিব পাৰিলে বেয়া নহয় ।
    দুই ঘৰৰ অহমিকাৰ মাজত পুতেক জীয়েকৰ প্ৰেম পিৰিতি চলি থাকোতেই জীয়েকে দুমাহ গা ধোৱা নাই বুলি দত্তই কথাটো গম পাই মনে মনে এক প্ৰকাৰে বেয়া পোৱা নাই যদিও এই সুযোগতে হাজৰিকাৰ সম্মানটো অলপ লাঘৱ কৰিবলৈ হাজৰিকাৰ পুতেকৰ ওপৰত জীয়েকক ধৰ্ষণ কৰি সন্তান সম্ভবা কৰা বুলি গোচৰ এটা তৰি দিলে । ইফালে হাজৰিকাইয়ো ইতিমধ্যে পুতেকে যে দত্তৰ জীয়েকক লেঠা লগালে - কথাটো গম নোপোৱা নহয় যদিও মনে মনে থাকিল । ভাবিলে - দত্ত মোৰ ঘৰলৈ আগতে আহক ।
       যেতিয়া আদালতে পুতেকৰ নামত পথোৱা চমন হাজৰিকাৰ হাতত পৰিল গৈ - আঠোৱা তলৰ মহ বুলি বুজিব পাৰি দত্তকো এসেকা দিবলৈ বুলি এজন নামজ্বলা আদ বয়সীয়া উকিলৰ ওচৰ পালেগৈ । ইফালে ধৰ্ষণৰ কেছ বুলি শুনিলেই সেই জন উকীলৰ মূৰ গৰম হৈ আহে । কোনো ধৰণৰ ধৰ্ষণকাৰীৰ কেছ তেওঁ হাতত নলয় বুলি শপত খাই থৈছে । হাজৰিকাৰ মুখৰ পৰা ধৰ্ষণৰ কেছ বুলি  শুনা ৰ লগে লগে উকীল জাঙুৰ খাই উঠিল - এইটো কেছ লৈ কিয় আহিছে ? মই কি কেছ কৰো আৰু কি কেছ নকৰো সেয়া সকলোৱে জানে । মই কোনোপধ্যেই নোৱাৰোঁ বুলি কৈ বিদায় দিলে । পিছে হাজৰিকাও এলা পচা বিধৰ মানুহ নহয় । জোৰকৈ উকিলক কথা খিনি বুজাবলৈ চেষ্টা কৰিলে । সমস্ত কথা শুনি উকীল চাহাবে শেষত যেনিবা সকলো কথা  বুজি পাই কেচটো হাতত ললে আৰু হাজৰিকাক অভয় দিলে । উকীল চাহাবে বুজি পালে যে ঘটনাটো লৰা - ছোৱালীৰ  বুজাবুজিৰ মাজেৰে হৈছে । হাজৰিকাৰ লৰাই প্ৰকৃততে ধৰ্ষণ কৰা নাই । হাজৰিকাৰ মৰ্যদা লাঘৱ কৰিবলৈ দত্তই এইখন কৰিছে । 
    নিৰ্দ্দিষ্ট দিনা উকীল চাহাবে হাজৰিকাৰ পুতেকক ভালদৰে বুজাই দিলে - আদালতৰ ভিতৰত মই বা বিপক্ষৰ উকলৰ দ্বাৰা তোমাক যি বিলাক কথা সোধা হব সেইবোৰ শুনি নোপোৱাৰ ভাও ধৰি  মানে-  কলা মানুহৰ ভাও জুৰি তুমি কেৱল মনে মনে থাকিবা । একো প্ৰশ্নৰ উত্তৰ নিদিবা আৰু একো শব্দও যাতে মুখৰ পৰা নোলায় । বচ ! তোমাৰ কাম ইমানেই । বাকী মই চম্ভালি লম ।'
   আদালতত দুয়ো পক্ষ হাজিৰ । আদালতৰ কামকাজ আৰম্ভ হল । প্ৰতিপক্ষৰ উকীল, আনকি জজ চাহাবে সোধা আৰু নিজৰ উকিলেও সোধা কোনো প্ৰশ্নৰে উত্তৰ নিদি হাজৰিকাৰ পুতেক মৌন হৈ থাকিল । জজ চাহাব অতিষ্ঠ হৈ উকীলক সুধিলে - 'আপোনাৰ মক্কেল কলা নেকি যে একো কথাৰ উত্তৰ নিদিয়ে ?' উকীলৰ উত্তৰ - ' ইয়ৰ অনাৰ, মোৰ মক্কেলে দত্তৰ জীয়েকক ধৰ্ষণ কৰাতো নিতান্তই সত্য । মোৰ মক্কেলে যেতিয়া এই ছোৱালীজনীক ধৰ্ষণ কৰিছিল, তেতিয়া ছোৱালীজনীয়ে ইমান জোৰকৈ তেতু ফালি চিঞৰিছিল যে মোৰ মক্কেলৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈ সম্পূৰ্ণ শ্ৰৱণ শক্তি হেৰুৱাই পেলালে ।'  লৰাৰ উকিলৰ এনে গোকাত মিছা কথা শুনি দত্তৰ জীয়েকৰ মুখৰ পৰা তৎক্ষণাৎ ওলাই আহিল - নাই নাই ! মই একো চিঞৰি থকা নাছিলো । সেই জনে মিছা কথা কৈছে ।'
  জজে দুই ওঠৰ মাজেৰে ক্ষীণ হাঁহি এটা মাৰি আদেশ দিলে - ' এইয়া ধৰ্ষণ নহয় । লৰা ছোৱালী দুইজনৰ মাজত সন্মতি সাপেক্ষত এই কাৰ্য হৈছে । প্ৰকৃততে ধৰ্ষণ কৰা হলে ছোৱালীজনীয়ে নিজক বচাবলৈ যৎপৰোনাস্তি হুলস্থুল কৰিলেহেঁতেন । গতিকে গোচৰ খাৰিজ কৰি দুয়ো পক্ষই বিয়াৰ আয়োজন কৰিবলৈ আদেশ দিয়া হল ।'
    শেষত দত্তই হাজৰিকাক ক্ষমা খুজিলে । হাজৰিকাৰ ওচৰত দত্তই নেগুৰ পেলোৱা দেখি পেটে পেটে হাজৰিকাই বৰ সুখ পালে । দত্তক সাৱটি ধৰি হাজৰিকাই কলে - আজিৰ পৰা আমি দুজন বিয়ৈ । দত্তই প্ৰশান্তি সূচক হাঁহি এটা মাৰি সমৰ্থন কৰিলে ।

🖋️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)