ৰাভা সকলৰ অনন্য কৃষ্টি দেওধ্বনী - ০২

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা
ৰাভা বা বড়ো সম্প্রদায়ৰ মাজত অনুষ্ঠিত মাৰে পূজা বা মনসা পূজা সাধাৰণতে জেঠ মাহত কৰা হয় | ৰাজহুৱাভাবে মাৰে ঘৰত আৰু ব্যক্তিগতভাবে কৰিলে নিজৰ সুবিধাজনক ঠাইত কৰে | মনসা, পদ্মাৱতী, বিষহৰি , বৰমান্নী প্রভৃতি বিভিন্ন নামেৰে সৰ্পৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰিলেও এই অঞ্চলত এই পূজা মাৰে পূজা বুলিহে সৰ্বাধিক জনপ্রিয় | এই অঞ্চলত অনুষ্ঠিত মাৰে পূজাত তিৰোতা বা ছোৱালীয়ে দেওধ্বনী হৈ নাচে | লোক বিশ্বাসমতে কোনো তিৰোতা বা ছোৱালীয়ে ইচ্ছাকৃতভাৱে বা বংশ পৰম্পৰা মতে দেওধ্বনী হ'ব নোৱাৰে | দেৱীয়ে লম্ভা তিৰোতা বা ছোৱালীয়ে কোনো ওজাৰ তলত নাচগানৰ শিক্ষা লৈ দেওধ্বনী হয় | মাৰে পূজাত ওজাপালিয়ে পৰিবেশন কৰা মাৰে গীতৰ লগত সমন্বয় ৰাখি দেওধ্বনীয়ে নাত আৰু কাৰ্য সম্পন্ন কৰে |
    দেওধ্বনী শব্দৰ অৰ্থ তলত উল্লেখ কৰা ধৰণে ব্যাখ্যা কৰা হয় | কিছুমান পণ্ডিতৰ মতে দেওধ্বনী নাচ হ'ল তান্ত্ৰিক পূজাৰ শাস্ত্ৰীয় নৃত্য | এওঁলোকৰ ব্যাখ্যা মতে দেও মানে হ'ল দেৱ বা দেৱতা আৰু ধনী মানে হ'ল তিৰোতা বা গাভৰু | এতেকে যি সকল ধনি অৰ্থাত তিৰোতা বা গাভৰু ছোৱালীয়ে নিজক দেৱতাৰ নামত উচৰ্গা কৰে নাইবা দেৱতাৰ কামত বিশেষ অংশ গ্ৰহণ কৰে তেওঁলোককে দেওধ্বনী বোলে | সেয়েহে দেওধ্বনী নৃত্য মানে হ'ল দেওধ্বনী নামৰ এক বিশেষ শ্রেণীৰ গাভৰুৱে নচা নাচ | ( ড হেমন্ত কুমাৰ শৰ্মা |)              ৰাজহুৱা ভাৱে কৰা পূজাই হওক বা ব্যক্তিগতভাবে কৰা পূজাই হওক, মনসা পূজাত দেওধ্বনীয়ে নাচে | আগতে হেনো ৰাজহুৱা ভাবে আয়োজন কৰা মাৰে পূজা সাতদিন সাতৰাতি চলিছিল | আটাইকেইদিনতে ওজাপালি আৰু দেওধ্বনিয়ে মাৰে নৃত্য-গীত পৰিবেশন কৰিছিল | বৰ্ত্তমানে সামাজিক পৰিবৰ্তন আৰু আৰ্থিক দিশত অনাটনৰ সৃষ্টি হোৱা বাবে তিনিদিন তিনিৰাতিলৈ হ্রাস কৰা হৈছে | ব্যক্তিগত ভাবে কৰা পূজা এদিনৰ পৰা তিনদিনলৈ চলে এই পূজাত ওজাপালি আৰু দেওধ্বনি অপৰিহাৰ্য  |  আগলৈ••••

 📝হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)